শিক্ষা বিভাগৰ বিশেষ নিৰ্দেশনা:১৫ এপ্ৰিললৈকে বাতিল ৰাজ্যৰ প্ৰতিখন স্কুল-কলেজৰ প্ৰাতঃপ্ৰাৰ্থনা

Pic
বিশ্বজুৰি আতংকৰ নাম হৈ পৰিছে কৰ’ণা ভাইৰাছ।ভাৰততো প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।এইবাৰ ক'ৰ’না ভাইৰাছক লৈ অসমতো গ্ৰহণ কৰা হৈছে বিশেষ সতৰ্কতামূলক ব্যৱস্থা।ৰাজ্যৰ শিক্ষা বিভাগে প্ৰদান কৰিছে বিশেষ নিৰ্দেশনা।ৰাজ্যৰ প্ৰতিখন স্কুল-কলেজত পুৱাৰ প্ৰাৰ্থনা বন্ধৰ নিৰ্দেশ ৰাজ্যৰ শিক্ষা বিভাগৰ। লগতে,শিক্ষানুষ্ঠানসমূহক সজাগতামূলক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰি বিদ্যালয়ত প্ৰদৰ্শনী আৰু শিক্ষামূলক ভ্ৰমণ বাতিলৰ নিৰ্দেশ প্ৰদান কৰিছে অসম চৰকাৰে । আনহাতে,শিক্ষাৰ্থীক হেণ্ড চেনিটাইজাৰ ব্যৱহাৰৰ ওপৰি ক'ৰ’না ভাইৰাছৰ পৰা বাছি থকাৰ উপায়সমূহ অৱগত কৰোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে শিক্ষা বিভাগে। হাত পৰিষ্কাৰ কৰাৰ বাবে বিদ্যালয়সমূহত থাকিব লাগিব বিশেষ ব্যৱস্থা।

Your Comments