কমলপুৰৰ পুঠিমাৰীত কেইবা সহস্ৰাধিক লোকৰ উপস্থিতিত নিৰ্বাচনী ৰণশিঙা বজালে অগপ দলে

Agp

নিউজ ডেস্ক: 

আজি কমলপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত পুঠিমাৰী বাৰোৱাৰী পূজা মণ্ডপৰ খেলপথাৰত কেইবা সহস্ৰাধিক লোকৰ উপস্হিতিৰে অসম গণ পৰিষদ দলৰ সতীৰ্থ সমাৰোহ,২০২১ অনুষ্ঠিত হৈ যায়।এই সমাৰোহ খনৰ মাজেৰেই যেন আজি আঞ্চলিক দলটোৱে সমাগত বিধান সভা নিৰ্বাচনৰ ৰণ শিঙা বজালে। অগপ2

আজিৰ এই সভাত অগপ দলৰ সভাপতি তথা অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা উপস্হিত থাকি নিজ ভাষণ প্ৰসংগত পূৰ্বৰ কংগ্ৰেছ চৰকাৰক ক্ষূৰধাৰ সমালোচনা কৰাৰ লগতে মিত্ৰজোঁত চৰকাৰৰ দিনত ৰাইজৰ হিতৰ বাবে লোৱা আচনি সমূহে ৰাইজক প্ৰকৃতাৰ্থতেই উপকৃত কৰা বুলি মন্তব্য কৰে।এই সভাত অসম চৰকাৰৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী আৰু প্ৰাক্তন মন্ত্ৰী নুৰুল হুচেইনেও ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। অগপ3

আজিৰ এই সভাত উপস্হিত থাকে অগপ বিধায়ক প্ৰদীপ হাজৰিকা, ভবেন ভৰালী, গুনিন্দ্ৰ নাথ দাস, নৰেন সোনোৱাল, নিগমৰ অধ্যক্ষ্য মনোজ শইকীয়া, পোনাকণ বৰুৱা, অসম মহিলা পৰিষদৰ সভানেত্ৰী বৰোদা কলিতা, অসম যুৱ পৰিষদৰ কাৰ্যকৰী সভাপতি দ্বয় জিতু বৰগোহাঞি, তপন দাস, সাধাৰণ সম্পাদক গুনমণি ভূঞা, ধ্ৰুৱ দত্ত, অৰ্ণৱ ভৰালী আদি নেতা উপস্হিত থাকে ।

Your Comments