নেমকেয়াৰ হাস্পতালৰ আইচিইউত চিকিৎসাধীন হৈ থকা শিল্পী জুবিন গাৰ্গ সুস্থ।পুৱা গ্ৰহণ কৰিলে পাতল খাদ্য।এই কথা জানিবলৈ দিছে চিকিৎসালয়খনৰ জ্যেষ্ঠ চিকিৎসক হিতেশ বৰুৱাই। বৰুৱাই সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি-'শুকুৰবাৰৰ তুলনাত সঁচাকৈ সুস্থ হৈ উঠিছে জুবিন।পুৱাই শুই উঠি সকলোৰে লগত কথা পাতিছে।' আজিও জুবিনক আইচিইউত ৰখা হ'ব বুলি জানিবলৈ দি চিকিৎসক বৰুৱাই কয়-'কেইটামান পৰীক্ষা কৰিবলৈ আছে।তাৰ বাবে আজি ৰখা হ'ব আইচিইউত।দেওবাৰে আইচিইউৰ পৰা হয়তো উলিয়াই অনা হব।' 'ৰাতিটো সকলো ঠিকে আছে।সৰু-সুৰা তাৰতম্য থাকিলে দৰৱৰ দ্বাৰা ভাল হয়।দেওবাৰে হয়তো সম্পূৰ্ন সুস্থ হব'-বৰুৱাই কয়। 'এতিয়ালৈকে যিসমূহ পৰীক্ষা কৰা হৈছে,সকলো পৰীক্ষাত ৰিপ'ৰ্ট সুস্থ পোৱা গৈছে।সৰু-সুৰা ব্লাডৰ সমস্যা কিছু আছে,চিন্তাৰ কাৰণ নাই'-বৰুৱাই কয়।
- Log in to post comments
- 11 views