'৮৪ৰ শিখ হত্যা : কংগ্ৰেছ জড়িত থকাৰ অভিযোগ অস্বীকাৰ ৰাহুলৰ

'৮৪ৰ শিখ হত্যা : কংগ্ৰেছ জড়িত থকাৰ অভিযোগ অস্বীকাৰ ৰাহুলৰ

১৯৮৪ চনৰ শিখবিৰোধী হিংসাত কংগ্ৰেছ দল জড়িত নাছিল বুলি মন্তব্য কৰি কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধী পুনৰ এক বিতৰ্কত সোমাই পৰিছে ৷ উল্লেখ্য যে শুকুৰবাৰে ইংলেণ্ডৰ সংসদত কংগ্ৰেছ অধ্যক্ষগৰাকীয়ে এক প্ৰশ্নৰ উত্তৰত '৮৪ৰ শিখ হত্যাকাণ্ডৰ লগত কংগ্ৰেছ দল জড়িত নাছিল বুলি উল্লেখ কৰিছিল ৷

ৰাহুলে সেই ঘটনাক দুখজনক আৰু বেদনাদায়ক অভিজ্ঞতা হিচাপে ব্যাখ্যা কৰে যদিও ইয়াৰ লগত কংগ্ৰেছ দল জড়িত থকাটো মানি ল'বলৈ অস্বীকাৰ কৰে ৷ 'সেই ঘটনাটোক লৈ মোৰ মনত কোনো দ্বিধা নাই ৷

'৮৪ৰ শিখ হত্যা : কংগ্ৰেছ জড়িত থকাৰ অভিযোগ অস্বীকাৰ ৰাহুলৰ

সেইটো আছিল দুখজনক, বেদনাদায়ক অভিজ্ঞতা ৷ আপোনালোকে কয় যে সেই ঘটনাটোৰ লগত কংগ্ৰেছ দল জড়িত আছিল ৷ মই সন্মত নহওঁ ৷ নিশ্চিতভাৱে, সেয়া হিংসাত্মক আছিল, দুখজনক আছিল ৷' ইংলেণ্ডৰ সংসদত এক প্ৰশ্নৰ উত্তৰত কংগ্ৰেছ অধ্যক্ষগৰাকীয়ে এনেদৰে কয় ৷

অৱশ্যে ৰাহুলৰ এই বক্তব্যত অসন্তুষ্ট বিজেপিয়ে ১৯৮৪ চনৰ শিখবিৰোধী হিংসাত্মক ঘটনাক লৈ ৰাহুলে কৰা মন্তব্যৰ বাবে ক্ষমা খুজিব লাগে বুলি কয় ৷ বিজেপিয়ে অভিযোগ অনা মতে, ৰাহুলে বিদেশৰ ভূমিত 'ভাৰতীয় সংস্কৃতি'ক পদানত কৰিছে ৷

১৯৮৪ৰ শিখ হত্যাকাণ্ডৰ বিষয়টোক লৈ বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক আৰ পি সিঙে কয় যে কংগ্ৰেছে অনৈক্য ৰমাজত ঐক্যৰ কথা কয় ৷ কিন্তু বাস্তৱ ক্ষেত্ৰত তেওঁলোকে সদায় দেশত বিভাজন সৃষ্টিতহে বিশ্বাস কৰে ৷

'৮৪ৰ শিখ হত্যা : কংগ্ৰেছ জড়িত থকাৰ অভিযোগ অস্বীকাৰ ৰাহুলৰ

সিঙে লগতে কয় যে শিখসকল কংগ্ৰেছৰ বাবে কেৱল ভোট বেংক মাত্ৰ ৷ ৰাহুল গান্ধীয়ে গুৰু নানক দেৱৰ নাম উল্লেখ কৰা প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সিঙে মন্তব্য কৰে যে তেওঁৰ দল ১৯৮৪ৰ শিখবিৰোধী আন্দোলনত জড়িত বুলি চিনাক্ত হৈছে ৷

সেয়েহে কংগ্ৰেছ অধ্যক্ষগৰাকীয়ে সেই অমানৱীয় অপৰাধৰ বাবে স্বৰ্ণ মন্দিৰত আহি ক্ষমা খুজিব লাগে ৷ 

Your Comments