শিক্ষা সংসদৰ গুৰুত্বপূৰ্ণ ঘোষণা:উচ্চতৰ মাধ্যমিকত নাথাকিব ঐচ্ছিক ইংৰাজী বিষয়,পঢ়িব লাগিব মাতৃভাষা

Pic

বিভিন্ন জনগোষ্ঠীয় মাতৃভাষাৰ বহুল প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যেৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত।সেই অনুসৰি ৰাজ্যৰ উচ্চতৰ মাধ্যমিকৰ দুবছৰীয়া পাঠ্যক্ৰমত এতিয়াৰে পৰা ঐচ্ছিক ইংৰাজী বিষয়ৰ সলনি অন্তৰ্ভুক্ত হ'ব মাতৃভাষাৰ।শনিবাৰে শিক্ষা সংসদত অনুষ্ঠিত হোৱা এখন আলোচনা-চক্ৰত লোৱা হৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত।ৰাজ্যৰ বহুকেইজন বিশিষ্ট চিন্তাবিদ, বুদ্ধিজীৱী,সাহিত্যিক,বিভিন্ন সংগঠন, বিভিন্ন জনজাতীয় সাহিত্য সভা আৰু অসম সাহিত্য সভাই অংশগ্ৰহণ কৰা আলোচনা-চক্ৰত লোৱা হৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। গুৰুত্বপূৰ্ণ আলোচনা-চক্ৰখনত ৰাজ্যৰ উচ্চতৰ মাধ্যমিক শ্রেণীত ঐচ্ছিক ইংৰাজী বিষয়ৰ সলনি ছাত্ৰ-ছাত্ৰীয়ে বিকল্প কি ভাষাৰ পাঠ্যক্ৰম পঢ়িব,তাক লৈ প্ৰতিনিধিসকলে দাঙি ধৰে নিজৰ নিজৰ যুক্তি।আলোচনা-চক্ৰত উপস্থিত থকা সকলোৱে অসম মাধ্যমিক শিক্ষা সংসদে অসমীয়া বাধ্যতামূলক কৰিবলৈ লোৱা সিদ্ধান্তৰ আদৰণি জনায়।লগতে শীঘ্ৰে ঐচ্ছিক ইংৰাজীৰ সলনি বাংলা,বড়ো,হিন্দী,মণিপুৰী,  নেপালী,উৰ্দু,খাচী,গাৰো,মিজো, মাৰকে ধৰি মুঠ ১১টা ভাষা উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমত সংযোজন কৰাৰ পৰামৰ্শ আগবঢ়াই প্ৰতিনিধি সকলে। সভাত লোৱা প্ৰস্তাৱ অনুসৰি শীঘ্ৰেই ঐচ্ছিক ইংৰাজী বিষয়ৰ স্থানত ১১টা আঞ্চলিক ভাষাক উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমত সংযোজন ঘটোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে শিক্ষা সংসদৰ অধ্যক্ষ দয়ানন্দ বৰগোহাঁইয়ে।

Your Comments