"বড়ো শান্তি চুক্তিৰ বিজয় উৎসৱত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আন্দোলনকাৰীক জাতিদ্রোহী আখ্যা দি অসমবাসীক উপলুঙা কৰিছে।মোডীয়ে কোৱাৰ দৰে 'কা'ৰ আন্দোলন কংগ্ৰেছ-চিপিআই নেতৃত্বত হোৱা নাই।আন্দোলন স্বতঃস্ফূৰ্ত"-এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ।অসমত জ্বলি থকা জুইকুৰা নুমুৱাৰ পৰিৱৰ্তে কোকৰাঝাৰৰ জনসভাত অংশগ্ৰহণ কৰি মোডীয়ে অসমবাসীক অৱজ্ঞা কৰি যোৱা বুলি উল্লেখ কৰি গগৈয়ে কয়-"অসম চুক্তিৰ আত্মাসদৃশ ৫নং দফা ৰূপায়ণ কৰাৰ কথা কিয় মোডীয়ে নকয়।"
প্ৰধানমন্ত্ৰীয়ে অসমৰ মানুহৰ আগত অপপ্ৰচাৰ চলোৱা বুলি উল্লেখ কৰি গগৈয়ে কয়-"ইউপিএ চৰকাৰৰ দিনত অসমলৈ শান্তি আৰু প্ৰগতি আহিছিল।ৰাজ্যৰ সন্ত্ৰাসবাদী গোটসমূহক নিয়ন্ত্ৰণলৈ আমিয়ে আনিছিলোঁ।হাগ্ৰামাই এতিয়া ক'ব পাৰিব নেকি ২০০৩ চনৰ বড়ো চুক্তি মিছা আছিল বুলি?"মোডীয়ে ঢাক-ঢোল বজাই থকা চুক্তিখনৰ কাম কংগ্ৰেছ চৰকাৰে ৮০ শতাংশ কৰি যোৱা বুলি দাবী কৰি গগৈয়ে আৰু কয়-"তেওঁলোকে কেৱল চূণ-তেল লগাইছে।"
হাগ্ৰাম মহিলাৰীয়ে কংগ্রেছ চৰকাৰৰ দিনত যিমান পুঁজি পাইছিল,তাতকৈ অধিক পুঁজি বিজেপি চৰকাৰৰ দিনত পোৱা বুলি কৰা মন্তব্যক উভতি ধৰি গগৈয়ে কয় -"মোডীয়ে বড়োসকলক দিম বুলি কোৱা ১০০০ কোটি টকাৰ কিমান পালে ৰাজহুৱা কৰক হাগ্ৰামাই।"
ৰাজ্যত ইউপিএ চৰকাৰৰ দহ বছৰত যিমান উন্নয়ন হ'ল,সেই উন্নয়ন মোডী চৰকাৰৰ বিগত ছয় বছৰত হোৱা নাই বুলি উল্লেখ কৰি গগৈয়ে কয়-"বিজেপি চৰকাৰে অসমক মাহী আইৰ মৰম দিছে।ৰাজ্য বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰিলে।ব্ৰহ্মপুত্ৰৰ বান নিয়ন্ত্ৰণৰ পূৰ্বৰ পুঁজি হ্ৰাস কৰিলে।দুটাকৈ কাগজ কল আজি বন্ধ হ'ল।"
"মোডীৰ জনপ্ৰিয়তা যিমানে হ্ৰাস পাইছে,সিমানে বিজেপিয়ে জনসভাসমূহত বেছি মানুহ গোটাই দেখুৱাইছে।কোকৰাঝাৰৰ সভালৈ পশ্চিমবঙ্গ, নেপাল,ভূটানৰ পৰাও মানুহ আনিব লগা হৈছে বিজেপিয়ে"-গগৈয়ে কয়।
হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামা মহিলাৰীক সমালোচনা কৰি গগৈয়ে কয় "হিমন্ত-হাগ্ৰামা এনে মানুহ,ক্ষমতা য'ত থাকে তাতে যাব।"
- Log in to post comments
- 47 views