প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ প্ৰাকমুহূৰ্তত মহানগৰীত উদ্ধাৰ শক্তিশালী আইইডি।গুৱাহাটীৰ সদাব্যস্ত পল্টন বজাৰ আৰক্ষী থানাৰ সমীপৰ ৰে'ল ষ্টেচনলৈ যোৱা পথত মোনাত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ এটা আইইডি।আনটো আইইডি মহানগৰীৰ পাণবজাৰৰ 'ভৰালী ব্ৰাদ্ৰাছৰ' সন্মুখত নলাত সংলগ্ন কৰি ৰখাৰ অৱস্থাত বুধবাৰে ৰাতি উদ্ধাৰ কৰিছে মহানগৰ আৰক্ষীয়ে।উল্লেখ্য যে তিনিচুুুুুুকিয়াত গ্ৰেপ্তাৰ কৰা এজন আলফা(স্বা)ৰ সদস্যৰ স্বীকাৰোক্তি ভিত্তিত মহানগৰ আৰক্ষীয়ে উদ্ধাৰ কৰে শক্তিশালী বোমা দুটা।ইফালে,বোমা উদ্ধাৰক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মহানগৰীত।নিৰাপত্তাৰক্ষীয়ে সকলো সময়তে গিজগিজাই থকা কটকটীয়া নিৰাপত্তা ব্যৱস্থা।ইয়াৰ মাজতো কেনেদৰে আলফা(স্বা) বোমা দুটা সংস্থাপন কৰিলে তাক লৈ চিন্তিত হৈ পৰিছে গুৱাহাটীবাসী। গুৰুত্বপূৰ্ণ কথা এই যে উদ্ধাৰ হোৱা আইইডি দুটাত সংলগ্ন কৰা আছিল টাইমাৰ।যিকোনো সময়ত বোমা দুটা বিস্ফোৰণ হৈ ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ পৰা কথমপি ৰক্ষা পৰিল গুৱাহাটী।আনহাতে,বোমা দুটা উদ্ধাৰ কৰি চতুৰ্থ অসম আৰক্ষীৰ বেটেলিয়নত বিস্ফোৰণ ঘটোৱা হয়।
- Log in to post comments
- 21 views