প্ৰসংগ প্ৰাঞ্জল কলিতালৈ 'নিয়া'ৰ চমন: সহপাঠীৰ হুংকাৰ-আকৌ এবাৰ জোকাই নল'ব কটনিয়ানক'

Pic

কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা কটনিয়ান প্ৰাঞ্জল কলিতালৈ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা,চমুকৈ 'নিয়া'ই চমন জাৰি কৰাৰ পিছতে কটনিয়ানৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।কটন বিশ্ববিদ্যালয়ৰ  ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক জিন্টু ঠাকুৰীয়াই সতীৰ্থ ছাত্ৰ প্ৰাঞ্জল কলিতাৰ কাষত থিয় হৈ কয়-'প্ৰাঞ্জল অকলশৰীয়া নহয়।এই সংগ্রামত  আমি সকলো কটনিয়ান ঐক্যবদ্ধ।'

লগতে,চৰকাৰৰ সকীয়নি প্ৰদান কৰি ঠাকুৰীয়াই আৰু কয়-'আকৌ কটনিয়ানক জোকাই নল'ব।'

উল্লেখ্য যে  বৃহস্পতিবাৰে পুৱা ১১ বজাত অখিল গগৈৰ মাওবাদীৰে সম্পৰ্ক থকা অভিযোগৰ গোচৰত কটনিয়ান প্ৰাঞ্জলক 'নিয়া'ৰ আদালতত হাজিৰ হ'বলৈ নির্দেশ জাৰি কৰিছে।

Your Comments