স্বাক্ষৰিত বড়ো শান্তি চুক্তিৰ বিজয় উৎসৱৰ বিৰোধিতাৰে অবড়ো সুৰক্ষা সমিতিয়ে অহা ৭ ফেব্ৰুৱাৰীত আহ্বান জনোৱা ২৪ঘন্টীয়া অসম বন্ধ প্ৰত্যাহাৰ।অবড়ো সুৰক্ষাৰ সমিতিৰ নেতৃত্বৰ লগতে কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াৰ লগত বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা বৈঠকত মিলিত হোৱাৰ পিছতে এই কথা সংবাদ মাধ্যমত ঘোষণা কৰিছে সাংসদ নৱ শৰণীয়াই।অবড়ো সুৰক্ষা সমিতিৰ লগত ৰাজ্য চৰকাৰ অহা ১২ ফেব্ৰুৱাৰীত মিলিত হ'ব বুলি আশ্বাস প্ৰদান কৰাৰ পিছতে অসম বন্ধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে সাংসদগৰাকীয়ে।
উল্লেখ্য যে বড়ো শান্তি চুক্তিৰ বিজয় উৎসৱত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।কোকৰাঝাৰত অনুষ্ঠিত হ'ব লগা বিজয় উৎসৱৰ দিনটোত বড়োভূমিৰ চাৰি জিলাত চৰকাৰী বন্ধ ঘোষণা কৰিছে।
- Log in to post comments
- 70 views