অসম প্ৰকাশন পৰিষদৰ ৩৩ সংখ্যক গুৱাহাটীৰ গ্ৰন্থমেলা দিন ঘোষণা।অহা ১৪ৰ পৰা ২৫মাৰ্চলৈ মুঠ বাৰদিনীয়াকৈ গুৱাহাটীৰ অসম অভিযান্ত্ৰিক খেলপথাৰত অনুষ্ঠিত হ'ব এইবাৰৰ গ্ৰন্থমেলা।এই কথা বুধবাৰে এখন প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে প্ৰকাশ কৰিছে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই।
উল্লেখ্য যে ইয়াৰ পূৰ্বে যোৱা ২৮ ডিচেম্বৰৰ পৰা গুৱাহাটী গ্ৰন্থমেলা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ৰাজ্যত অব্যাহত থকা নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ বাবে গ্ৰন্থমেলাৰ দিন পিছুুৱাব লগা হৈছিল।আনহাতে পূৰ্বৰ দৰে এইবাৰো ৩৩ সংখ্যক অসম প্ৰকাশন পৰিষদৰ গুৱাহাটী গ্ৰন্থমেলাত ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰৰ শতাধিক প্ৰকাশক গোষ্ঠী আৰু বিক্রেতা সন্থাই অংশগ্ৰহণ কৰিব বুলি নিশ্চিত প্ৰদান কৰিছে অসম প্ৰকাশন পৰিষদে।
ইয়াৰ উপৰিও প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা অনুসৰি গ্ৰন্থমেলাৰ বাকৰিত অসম প্ৰকাশন পৰিষদে উন্মোচন কৰিব বহুকেইখন মূল্যৱান গ্ৰন্থ আৰু ৰচনাৱলী।
- Log in to post comments
- 21 views