কটনৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতালৈ 'নিয়া'ৰ চমন

Pic

ছাত্ৰ মুক্তি সংগ্রাম সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক তথা কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতালৈ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ 'নিয়া'ৰ চমন।বৃহস্পতিবাৰে ছাত্ৰগৰাকীক সোণাপুৰস্থিত 'নিয়া'ৰ     কাৰ্যালয়ত হাজিৰ হ'বলৈ নিৰ্দেশ প্ৰদান        কৰিছে কলিতাক।উল্লেখ্য যে নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা'ৰ বিৰোধিতাৰে ছাত্ৰ সমাজৰ মাজত সবল নেতৃত্ব আৰু বলিষ্ঠ কণ্ঠ হিচাপে থিয় দিছিল প্ৰাঞ্জলে।

গুৰুত্বপূৰ্ণ কথা এই যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ভাতৃ সংগঠন ছাত্ৰ মুক্তি সংগ্রাম সমিতিৰ সভাপতি মানস কোঁৱৰ,বিতু সোণোৱাল মাওবাদীৰে সম্পৰ্ক থকাৰ অভিযোগত 'নিয়া'ৰ  হাতত গ্ৰেপ্তাৰ হৈ বৰ্তমান ন্যায়িক জিম্মাত আছে।সেই ২০০৯ চনৰ একেটা গোচৰতে প্ৰাঞ্জলক তলব কৰিছে 'নিয়া'ই।

Your Comments