চিৰ-পৰিচিত সংগীত পৰিচলক তথা গায়ক বিশাল দাদলানিৰ পুনৰ অসমক প্ৰশংসা।বৃহস্পতিবাৰে সামাজিক মাধ্যম টুইটাৰত শিল্পীগৰাকীয়ে 'জয় আই অসম' লিখি উল্লেখ কৰিলে অসমৰ কথা। 'কা' সন্দৰ্ভত তেওঁ নিজৰ টুইটাৰত লিখিছে- 'অসমবাসীৰ কথা আমি শুনিছোঁ আৰু দেখিছোঁ।আমি আপোনালোকৰ সৈতে আছো।আপোনালোকে আজি ভাৰতক নেতৃত্ব দিছে।কিন্তু সংবাদ মাধ্যমে ইয়াৰ মূূল্য এতিয়াও অনুভৱ কৰা নাই।জয় আই অসম।' উল্লেখ্য যে এইবাৰ দৈজিং উৎসৱত অনুষ্ঠান পৰিৱেশন কৰিবলৈ আহিও শিল্পীগৰাকীয়ে অসমবাসীয়ে কৰি থকা 'কা' আন্দোলনৰ গুৰুত্ব উল্লেখ কৰিছিল নিজৰ অনুষ্ঠানৰ মাজতে।
- Log in to post comments
- 23 views