৯ কোটিৰো অধিক ধন পৰিশোধ কৰিবলৈ আছে মৰাপাট যোগানীয়াৰক:বন্ধ হোৱাৰ আশংকা শিলঘাট মৰাপাট কল

Pic

কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ:

সমবায় খণ্ডত প্ৰতিষ্ঠিত অসমৰ একমাত্ৰ মৰাপাট কল শিলঘাট মৰাপাট কললৈ নামি আহিছে অশনি সংকেত। ৯ কোটিৰো অধিক ধন পৰিশোধ কৰিবলৈ বাকী আছে মৰাপাট যোগানীয়াৰসকলক।পৰিশোধ কৰিব লগা ধন আদায় নিদিলে শীঘ্ৰে বন্ধ হোৱাৰ আশংকা মৰাপাট কলটো।

Pic

ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ এটাৰ পিছত এটাকৈ বন্ধ হৈ পৰাৰ পিছত এইবাৰ চৰম ভাবুকি নামি আহিছে অসম সমবায় মৰাপাট কললৈ।সমবায় খণ্ডত প্ৰতিষ্ঠিত ৰাজ্যৰ একমাত্ৰ মৰাপাট কল "শিলঘাট মৰাপাট কল"লৈ আহিছে এই ভাবুকি। ২০১২-১৩ বিত্তীয় বৰ্ষত ৬৮ লাখ ৮৮ হাজাৰ টকা লাভ কৰিবলৈ সক্ষম হোৱা শিলঘাট মৰাপাট কলটোৱে বিগত বৰ্ষত লাভ কৰিবলৈ সক্ষম হৈছে মাত্ৰ ১ লাখ ৩৯ হাজাৰ টকা।ইয়াৰ বিপৰীতে বৰ্তমানে ২০ গৰাকীতকৈ অধিক মৰাপাট যোগানীয়াৰৰ ওচৰত ৯ কোটিৰো অধিক ধন পৰিশোধ কৰিবলৈ বাকী আছে মৰাপাট কল কৰ্তৃপক্ষ।শেহতীয়াকৈ ১৫ গৰাকী মৰাপাট যোগানীয়াৰে বাকীত মৰাপাট যোগান ধৰিবলৈ অপাৰগতা প্ৰকাশ কৰি কল কৰ্তৃপক্ষলৈ লিখিত পত্ৰ প্ৰেৰণ কৰিছে।ইয়াকে লৈ চিন্তিত হৈ পৰিছে শিলঘাট মৰাপাট কল কৰ্তৃপক্ষৰ লগতে সঞ্চালক মণ্ডলীৰ সদস্যসকল। কলিয়াবৰ সমষ্টিৰ প্ৰথমগৰাকী বিধায়ক লীলা কান্ত বৰাই প্ৰতিষ্ঠা কৰা অসম সমবায় মৰাপাট কলটো ১৯৫৯ চনত পঞ্জীয়নভুক্ত হৈ এটা দীঘলীয়া প্ৰচেষ্টাৰ ফচল হিচাপে ১৯৭১ চনৰ পৰা কলটোয়ে উৎপাদন আৰম্ভ কৰি কলিয়াবৰত এক সমবায় আন্দোলনৰ সূচনা কৰিছিল। তদানীন্তন কৃষি মন্ত্ৰী ফকৰুদ্দিন আলী আহমেদে ১৯৭১ চনৰ ১৭ জানুৱাৰী তাৰিখে মৰাপাট কলৰ উৎপাদনৰ শুভাৰম্ভ কৰে।পৰৱৰ্তী সময়ত ১৯৮৪ চনৰ মাৰ্চ মাহত আৰ্থিক সংকটৰ বাবে প্ৰায় ২ বছৰ ধৰি মৰাপাট কলটো বন্ধ হৈ পৰিছিল যদিও অসম চুক্তি অনুযায়ী মৰাপাট কলটোৱে ১৯৮৬ চনৰ ১ জানুৱাৰীৰ পৰা পুনৰ উৎপাদন আৰম্ভ কৰি শ্ৰমিকসকলৰ মুখত হাঁহি বিৰিঙাইছিল। পৰৱৰ্তী সময়ত ২০১১-১২ বিত্তীয় বৰ্ষৰ পৰা পুনৰ মৰাপাট কলটোলৈ নামি আহিল অশনি সংকেত।অপৰিপক্ক সিদ্ধান্তৰে মৰাপাট কল কৰ্তৃপক্ষই ২০১০-১১ বিত্তীয় বৰ্ষত ৫ কোটি টকা খৰছ কৰি এটি লেমিনেটেড যন্ত্ৰ ক্ৰয় কৰি এটা লেমিনেটেড প্লান্ট স্থাপন কৰাত মৰাপাট কলটো লোকচানৰ সন্মুখীন হোৱাৰ লগতে ৫ কোটি টকীয়া যন্ত্ৰটি বৰ্তমানে অব্যৱহৃত হৈ পৰি আছে । তদানীন্তন পৰিচালন সঞ্চালক ধৰ্মেশ্বৰ পাটোৱাৰীৰ কাৰ্য্যকালত ক্ৰয় কৰা ৫ কোটি টকীয়া এই যন্ত্ৰটো আজি পৰি আছে এনেদৰে। তাদুপৰি,৬০ খন হেছিয়ান তাঁত শালৰ ২৮ খন শাল ৬ মাহৰো আধিক দিন বন্ধ হৈ থকাত কলটোৰ উৎপাদন হ্ৰাস পাবলৈ ধৰিছে বুলি মিল কৰ্তৃপক্ষই জানিবলৈ দিয়ে। অন্যহাতেদি ২০১২-১৩ চনত কৰ্মী-কৰ্মচাৰীৰ দা-দৰমহা আদায় দিয়াত ১১ কোটি ৭১ লাখ ৪৭ টকা ব্যয় হৈছিল যদিও ২০১৮-১৯ বিত্তীয় বৰ্ষত এই ব্যয় বৃদ্ধি পালে ১৯ কোটি ১৭ লাখ ৬৮ হাজাৰ টকালৈ। কিন্তু ইয়াৰ বিপৰীতে কলটোৰ উৎপাদন হ্ৰাস পালে দৈনিক গড়ে ২০ টনলৈ। তদুপৰি,কলটোৰ এনে দুৰৱস্থাৰ আন এক হেতু হৈ পৰিছে কৰ্মসংস্কৃতি। কলটিৰ কৰ্মী পৰিষদে কল কৰ্তৃপক্ষই শেহতীয়াকৈ লিখা এখন পত্ৰত কৰ্মী পৰিষদে স্বীকাৰ কৰিছে কৰ্মসংস্কৃতি হ্ৰাস পোৱাৰ প্ৰসংগ। অৱশ্যে কৰ্মী পৰিষদে নতুন বৰ্ষৰ পৰা কলটোৰ অৱস্থা ভাললৈ আহিব বুলি আশা কৰিছে। উল্লেখযোগ্য এই যে ৯ কোটিৰো অধিক টকা ধাৰৰ বোজা লৈ পৰিচালন সঞ্চালক গুণমণি গগৈ আৰু সঞ্চালক মণ্ডলীৰ সদস্যসকলে মৰাপাট যোগানীয়াৰসকলক নিয়মিতভাৱে উদ্যোগটোলৈ মৰাপাট যোগান ধৰিবলৈ অনুৰোধ জনোৱাত কলটো সম্প্ৰতি উৎপাদনক্ষম হৈ আছে। অন্যথা যিকোনো মুহূৰ্তত মিলটো বন্ধ হোৱাৰ শংকা নুই কৰিব নোৱাৰি। ৯৫২ গৰাকী শ্ৰমিক আৰু ৪৮ গৰাকী কৰ্মচাৰীক সংস্থাপিত কৰি ৰখাৰ স্বাৰ্থত পৰিচালন সঞ্চালকগৰাকীয়ে যোগানীয়াৰসকলক জনোৱা অনুৰোধক যোগানীয়াৰসকলে সঁহাৰি জনোৱাত কলটো বন্ধ হোৱাৰ পৰা ৰক্ষা পৰি আছে। অন্যথা পেটত গামোচা মাৰিব লাগিলে হয় শ্ৰমিক-কৰ্মচাৰীসকলে। বাকীত মৰাপাট যোগান ধৰি অহা ১৫ গৰাকী যোগানীয়াৰে মৰাপাট যোগান ধৰিবলৈ অমান্তি হ'লে যিকোনো মুহূৰ্ততে বন্ধ হৈ পৰিব মৰাপাট কলটো। কলটোৰ এনে এক দুৰ্যোগৰ সময়ত মৰাপাট কলটোৰ অধ্যক্ষ,স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই কিছুদিন পূৰ্বে সমবায় মন্ত্ৰী ৰিহন দৈমাৰীক লগত লৈ কলটো পৰ্য্যবেক্ষন কৰি শিলঘাট মৰাপাট কলৰ দ্বিতীয় এটা ইউনিট স্থাপন কৰিবলৈ আৰ্থিক সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল।

Your Comments