নাগৰিকত্বঃবিতৰ্কিত বিধেয়কৰ বিৰুদ্ধে সক্ৰিয় মণিপুৰ চৰকাৰ

নাগৰিকত্বঃবিতৰ্কিত বিধেয়কৰ বিৰুদ্ধে সক্ৰিয় মণিপুৰ চৰকাৰ

ষ্টাফ ৰিপ’ৰ্টাৰ

গুৱাহাটী, ১ জুলাইঃ বহুবিতৰ্কিত নাগৰিকত্ব আইন সংশোধনী বিধেয়ক-২০১৬ক লৈ অসমৰ খিলঞ্জীয়া জনসাধাৰণে গভীৰ সংশয়ত ভুগি থকাৰ বিপৰীতে এই বিধেয়কখনৰ বিৰুদ্ধে অধিক সক্ৰিয় হৈ পৰিছে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ চৰকাৰসমূহ। হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব আইন সংশোধন কৰিব বিচৰা সিদ্ধান্তৰ ইতিমধ্যেই প্ৰতিবাদ জনাইছে মেঘালয় চৰকাৰে মেঘালয় চৰকাৰে কেবিনেটত আনুষ্ঠানিক সিদ্ধান্ত গ্ৰহণ কৰি ইতিমধ্যে এই সংশোধনী ব্যৱস্থাৰ প্ৰতিবাদ জনাইছে একেদৰে উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ স্তিত্ব ৰক্ষাৰ স্বাৰ্থত  নাগালেণ্ড আৰু মিজোৰামে বিধেয়কখনৰ বিৰুদ্ধে প্ৰস্তাৱ গ্ৰহণ কৰিছে অসমৰ সোণোৱাল চৰকাৰ বিদেশীক স্বদেশী কৰাৰ পক্ষত থকা অৱস্থাত মণিপুৰ চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ ভাষাৰে প্ৰতিবাদ কৰিছে বীৰেন সিং নেতৃত্বাধীন মণিপুৰ চৰকাৰে খিলঞ্জীয়া লোকক অস্তিত্বহীন কৰিব বিচৰা কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ প্ৰতিবাদ জনায় আৰু অৰুণাচল, নাগালেণ্ড, মিজোৰামৰ দৰে মণিপুৰতো ইনাৰলাইন পাৰ্মিট ব্যৱস্থা প্ৰৱৰ্তনৰ দাবী জনায়বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে উত্তৰ-পূবৰ অন্যান্য ৰাজ্যৰ চৰকাৰসমূহে সবল স্থিতি গ্ৰহণ কৰাৰ বিপৰীতে অসমত বিদেশী নাগৰিকৰ বহিষ্কাৰ আন্দোলনৰ মাজেৰে অহা বৰ্তমানৰ অসম চৰকাৰৰ নেতৃবৰ্গ আজি বিধেয়কখনৰ বিৰুদ্ধে শক্তিশালী স্থিতি গ্ৰহণ কৰিব নোৱাৰাত সচেতন মহলে চৰম আশ্চৰ্য তথা হতাশা ব্যক্ত কৰিছে। বিভিন্ন মহলৰ দাবী – অসম চৰকাৰে মণিপুৰ, মেঘালয়, নাগালেণ্ড, মিজোৰাম চৰকাৰৰ পৰা শিক্ষা গ্ৰহণ কৰা প্ৰয়োজন বাওঁপন্থীৰ নেতৃত্বত থকা সময়ত ত্ৰিপুৰা চৰকাৰেও এই ব্যৱস্থাৰ প্ৰতিবাদ জনাইছিল কাৰ নিৰ্দেশত সোণোৱাল চৰকাৰ পৰিচালিত , সেইটো শীঘ্ৰে স্পষ্ট হোৱাটো বিচাৰিছে অসমৰ খিলঞ্জীয়া জনসাধাৰণে।

Your Comments