ব্ৰহ্মপুত্ৰ পুষ্কৰ আৰু সংস্কৃতি মহোৎসৱ আৰম্ভ

Pic

বৈদিক পৰম্পৰাৰে মঙলবাৰৰ পৰা আৰম্ভ হ'ল ব্ৰহ্মপুত্ৰ পুষ্কৰ আৰু সংস্কৃতি মহোৎসৱ।মহানগৰীৰ সোণাৰাম বড়ো বিদ্যালয়ৰ কাষৰ ব্ৰহ্মপুত্ৰৰ পাৰত আৰম্ভ হোৱা বৈদিক মেলাখন উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।আজিৰে পৰা অহা ১৬ নৱেম্বৰলৈকে চলিব লগা ব্ৰহ্মপুত্ৰ পুষ্কৰ মেলাত আগমন ঘটিব দেশৰ প্ৰায় দুই লাখ ভক্তৰ প্ৰতিদিনে ব্ৰহ্মপুত্ৰত চলিব পূজা-অৰ্চনা আৰু স্নান।

উল্লেখযোগ্য যে সোণোৱাল চৰকাৰৰ কাৰ্যকালত নমামি ব্ৰহ্মপুত্ৰ আৰু নমামি বৰাকৰ পিছতে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ সহযোগিতাত অনুষ্ঠিত হোৱা মেলাখনক লৈ হৈছে ব্যাপক চর্চা। ব্ৰহ্মপুত্ৰ ৰক্ষা কৰা আৰু ব্ৰহ্মপুত্ৰ কেন্দ্ৰিক পৰ্যটনৰ  বিকাশ কৰাৰ বাবে আয়োজন কৰা হৈছে ব্ৰহ্মপুত্ৰ পুষ্কৰ মেলাৰ।

Your Comments