লাইভ শ্ব’ত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ মাতৃ সম্পর্কে আপত্তিজনক মন্তব্য। বিতর্কত BBCৰ অনুষ্ঠান 'Big Debate'। এই লৈ সামাজিক মাধ্যমত BBCৰ বিৰুদ্ধে সৰব হৈ পৰিছে একাংশ লোক।
ব্রিটেইনত বসবাস কৰা শিখ আৰু ভাৰতীয়সকলৰ বিৰুদ্ধে বর্ণবিদ্বেষৰ অভিযোগক লৈ হোৱা তিনি ঘণ্টাৰ উক্ত অনুষ্ঠানত সঞ্চালক প্রিয়া ৰায়ে একাধিক শ্রোতাৰ সৈতে এই সন্দৰ্ভত ফোন যোগে ভাৱ বিনিময় কৰে। সেই সময়তেই আলোচনাৰ মোড় সলনি হৈ দিল্লীত যোৱা ৩ মাহ ধৰি চলা কৃষি আইন বিৰোধী আন্দোলনৰ দিশে গতি কৰে।
আলোচনাৰ মাজত চাইমন নামৰ এক ব্যক্তিয়ে ফোন কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ মাতৃ হীৰাবেন মোদী সম্পর্কে আপত্তিজনক মন্তব্য কৰে । বৰ্তমান অভিযোগ উঠিছে যে সঞ্চালকে উক্ত ব্যক্তিজনৰ কথাৰ প্রতিবাদ কৰা নাছিল বা ব্যক্তিজনক তেনে মন্তব্য কৰাত বাধাও দিয়া আছিল।
উক্ত অনুষ্ঠানৰ এটা ক্লিপ সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ পিছতেই বিতর্ক আৰম্ভ হয়। বহুলোকে প্রশ্ন তুলিছে উক্ত ফোনটো কিয় কাটি দিয়া নহ’ল । পিছত অৱশ্য অনুষ্ঠানটোৰ সেই বিতর্কিত অংশ কাটি দিয়া হ’ল।
- Log in to post comments
- 15 views