অসমত নির্বাচনী প্ৰচাৰ চলাবলৈ অৰবিন্দ কেজৰীৱাল নাহে : আপে আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰে অসমত

AAP

অসম বিধানসভা নির্বাচনত প্ৰাৰ্থী থিয় নকৰাই আম আদমী পাৰ্টিয়ে।৫০টাকৈ সমষ্টিত দলৰ সাংগঠনিক ভেঁটি শক্তিশালী হৈ থকাৰ পিছতো একমাত্ৰ কা' সমৰ্থনকাৰী চৰকাৰ গঠনত যাতে সহায় নহয় তাৰ বাবে অসমত নিৰ্বাচন নেখেলাৰ সিদ্ধান্ত লৈছে দলটোৱে।এই কথা সংবাদমেলত ঘোষণা কৰিছে আপৰ ৰাজ্যিক সমন্বয়ক ডাঃ ভবেন চৌধুৰীয়ে।

ইফালে অসমত কোনো দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল নাহে বুলিও স্পষ্ট কৰি দিয়ে অসমৰ সমন্বয়ক গৰাকীয়ে।

উল্লেখ যোগ্য যে, নতুন আঞ্চলিক দলৰ সৈতে আলোচনা হৈছিল যদিও সিদ্ধান্তত উপনীত হ’ব পৰা নাই বুলি উল্লেখ কৰে চৌধুৰীয়ে।

মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অৰবিন্দ কেজৰিৱাল অসমলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহাৰ প্ৰসংগত কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আপৰ ৰাজ্যিক সমন্বয়ক গৰাকীয়ে কয়- অসমত কেজৰিৱাল আহিলে হিমন্তই ভৰিৰ তলৰ মাটি হেৰুৱাব লাগিব। নিৰ্বাচনত কোনো দলক সমৰ্থন নকৰে আপে।কিন্তু স্থিতি হ’ব কা বিৰোধী বুলিও জানিবলৈ দিয়ে চৌধুৰীয়ে ৷

তাৎপৰ্যপূৰ্ণ ভাৱে চৌধুৰীয়ে কয় “নিৰ্বাচন খেলিলেই আমাৰ চৰকাৰ হ’ব আৰু কেন্দ্ৰটো অনাগত দিনত আমি চৰকাৰ কৰিম। তেতিয়া কা বাতিল কৰিম।”

Your Comments