সমস্যাৰ বেলিকা অসম, পশ্চিমবংগৰ লগ এৰা দিয়া বিজেপিয়ে নিৰ্বাচনৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে এই দুখন ৰাজ্যত

Modi rally

বিজেপিয়ে ভাৰতৰ ৫খন ৰাজ্যৰ নিৰ্বাচনক লৈ বিশেষ ৰণনীতি প্ৰস্তুত কৰিছে। জানিব পৰা অনুসৰি, বিজেপিয়ে পশ্চিম বংগ আৰু অসমত প্ৰচাৰৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে। তাৰ বাবে পশ্চিম বংগত ২০টা ৰেলীত অংশ গ্ৰহণ কৰাৰ লগতে অসমতো ৬টা ৰেলীত অংশ গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। খবৰ অনুসৰি, আগন্তুক নিৰ্বাচন হ’ব লগা সকলো ৰাজ্যতে নিৰ্বাচনী প্ৰচাৰৰ বাবে মোদীক আমন্ত্ৰণ জনোৱা হৈছে যদিও তেওঁ অসম আৰু পশ্চিম বংগক অধিক গুৰুত্ব প্ৰদান কৰিছে।

Modi rally

উল্লেখ যোগ্য যে, পশ্চিম বংগ আৰু অসমৰ প্ৰত্যেকখন জিলাতেই প্ৰচাৰৰ ক্ষেত্ৰত সমানে গুৰুত্ব দিয়াৰ বাবে বিশেষ পৰিকল্পনাও প্ৰস্তুত কৰিছে বিজেপি দলে। 

সচেতন জনতাৰ মাজত প্ৰশ্ন উঠিছে, সমস্যাৰ বেলিকা অসম, পশ্চিমবংগলৈ ঘুৰি চাবলৈও সময় নোহোৱা বিজেপি দলে সমাগত নিৰ্বাচনৰ পূৰ্বে হাজাৰ প্ৰতিশ্ৰুতিৰে এই দুখন ৰাজ্যৰ নিৰ্বাচনৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে ।পাৰিবনে প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নে পুনৰ পিঠি দিব ৰাজ্যদুখনৰ জনতাৰ সমস্যাসমূহৰ প্ৰতি?

Your Comments