সামাজিক মাধ্যমৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিৰ্দেশনা

RAVI SHANKAR PRASAD

সামাজিক মাধ্যমত  'হাতকেৰেয়া' কেন্দ্রৰ । জাৰি কৰা হ’ব নির্দেশনা। যাৰ অধীনত চলিব কাঢ়া চোৱাচিতা। বৃহস্পতিবাৰে শীঘ্ৰেই নির্দেশনা জাৰি কৰাৰ কথা ঘোষণা কৰিলে কেন্দ্রৰ তথ্য আৰু প্রযুক্তি মন্ত্রী ৰবি শঙ্কৰ প্রসাদে।ইয়াৰপিছত বিনামূল্যে যি মন যায় তাকেই আপলোড কৰিব নোৱাৰিব ব্যৱহাৰকাৰীয়ে । বিতর্কিত আৰু আপত্তিজনক পোষ্টৰ ওপৰত নজৰ ৰখা হ’ব বুলিও জানিবলৈ পোৱা গৈছে। 

OTT platform

সাৰ্বিক ভাৱে, সামাজিক মাধ্যমৰ নিয়মাৱলী তৈয়াৰ কৰা হ’ব। সাধাৰণতে, আমি দেখিছো যে কোনো চলচিত্ৰ মুকলি কৰাৰ আগতে সংশ্লিষ্ট সংস্থাৰপৰা অনুমোদন ল’ব লগা হয়, ঠিক তেনে দৰেই সামাজিক মাধ্যমৰ বাবেও এখন কৰ্তৃপক্ষৰ সমিতি গঠন কৰা হ’ব, যাৰ পৰা অনুমতি ল’ব লাগিব। এই ধৰণৰ নির্দেশনা চীনত দেখিবলৈ পোৱা যায়, যাৰ বাবে তাত গুগলৰ দৰে সংস্থাই ব্যৱসায় চলাব নোৱাৰে। কার্যতঃ একেই ধৰণৰ নির্দেশনাৰে এনে সামাজিক মাধ্যমৰ ওপৰত কাঢ়া নজৰ ৰখা আৰম্ভ কৰিব কেন্দ্রই।  

OTT platform

আনহাতে, OTT প্লেটফৰ্মৰ বাবে নতুন বিধি লৈ আনিবলৈও সিদ্ধান্ত লোৱা হৈছে। Netflix, ZEE 5, Amazon Prime সহ যি বিলাক OTT প্লেটফৰ্ম ভাৰতত এই মুহূর্তত জনপ্রিয়, সেই OTT প্লেটফৰ্মৰ ওপৰত এলানি নির্দেশনাৰ জৰিয়তে নিষেধাজ্ঞা জাৰি কৰিবলৈ আগবাঢ়িছে কেন্দ্রই। অর্থাৎ  OTT প্লেটফৰ্মত ইমানদিনে যি বিলাক বিনামূল্যে সৃষ্টি কৰা বা পোষ্ট কৰা গৈছিল কোনো নিয়মৰ আওতালৈ নহাকৈ, তেনে আৰু নহয়। 

Social media

তদুপৰি, নতুন নির্দেশনা কার্যকৰী হোৱাৰ পিছত, ভুৱা খবৰ Whatsapp বা Facebookৰ জৰিয়তে প্ৰচাৰ কৰিলে ব্যৱহাৰকাৰীক জৰিমনা বা শাস্তি দিয়া হ’ব। ভুৱা বাতৰি বন্ধ কৰিবলৈ বহুবোৰ গাইডলাইনো জাৰি কৰা হ’ব। একাংশ সচেতন লোকৰ মতে সামাজিক মাধ্যমৰপৰা একপ্রকাৰ স্বাধীনতা আঁতৰাই নিবলৈ আগবাঢ়িছে কেন্দ্র।  

Your Comments