এদিনীয়া শিশুৰ বাবেও পাব আধাৰকাৰ্ড। সবিশেষ জানি লওক

Bal adhaar card

সকলো কামৰ বাবেই আধাৰ কাৰ্ড অতি গুৰুত্বপূৰ্ণ নথি। এদিনীয়া শিশুৰ বাবেও এতিয়া আধাৰ কাৰ্ড উপলব্ধ হ’ব। এই অনুমতি দিছে UIDAI–এ। নতুনকৈ হোৱা পিতৃ–মাতৃয়ে তেওঁলোকৰ শিশুটোৰ বয়স ১ দিন হ’লেই আধাৰ কাৰ্ড লাভ কৰিব পাৰিব।

এই অনুমতিৰ পূৰ্বে UIDAIয়ে ৫ বছৰৰ ওপৰৰ শিশুসকলৰ বাবে ‘বাল আধাৰ কাৰ্ড’ ইছ্যু কৰিছিল ৷ অলপতে UIDAIৰ ফালৰ পৰা টুইট কৰি জনাইছে, শিশুৰ বয়স ১ দিন হ’লেই এতিয়া আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব।

Bal adhaar card

“বাল আধাৰ কাৰ্ড”ৰ আবেদনৰ বাবে প্ৰয়োজন শিশুৰ জন্ম প্ৰমাণপত্ৰ আৰু পিতৃ বা মাতৃৰ আধাৰ কাৰ্ড। কিছুমান চিকিৎসালয়ে সদ্যোজাতৰ আধাৰ কাৰ্ডৰ আবেদনৰ ব্যৱস্থা কৰি দিয়ে ৷ ৫ বছৰ বয়সৰ পূৰ্বে এই বায়’মেট্ৰিক তথ্য সলনি হৈ থাকে বাবে সদ্যোজাতৰ আধাৰ কাৰ্ড প্ৰস্তুতৰ সময়ত বায়’মেট্ৰিক তথ্য লোৱা নহয়।

https://uidai.gov.in/my-aadhaar/get-aadhaar.html ৱেবছাইটত গৈ শিশুৰ আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। ইয়াৰ পিছত আধাৰ কাৰ্ড কেন্দ্ৰলৈ গৈ সকলো নথি–পত্ৰ জমা দিব লাগিব। সেই নথি–পত্ৰ পৰীক্ষা কৰাৰ পিছতহে আধাৰ কাৰ্ড দিয়া হ’ব।

Your Comments