অখিল-লুৰীণৰ বৈঠক সমাপ্ত: দিছপুৰত কা' বিৰোধী চৰকাৰ গঠনৰ ৰণকৌশল প্ৰস্তুত

AJP-RAIJOR DOL

অসম জাতীয় পৰিষদ-ৰাইজৰ দলৰ আসনৰ বুজাবুজি চুড়ান্ত হ’ল। গুৱাহাটী মেডিকেল কলেজ হস্পিতালত চূড়ান্ত হ'ল প্ৰাৰ্থীৰ তালিকা। চিকিৎসাধীন ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ কেবিনত প্ৰায় দুইঘণ্টা ধৰি বৈঠকত মিলিত হ’ল এজেপি সভাপতি লুৰীণজ্যোতি গগৈ।

বৈঠকৰ অন্তত এজেপি সভাপতি লুৰীনে কয়-শীঘ্ৰেই ৰাজহুৱা কৰা হ'ব সকলো কথা। এজেপি-ৰাইজৰ দলে যৌথ সংবাদমেল সম্বোধন কৰি ঘোষণা কৰিব সকলো কথা।

প্ৰথম পৰ্যায়ৰ প্ৰায় সকলো সমষ্টিতে দিয়া হ'ব প্ৰাৰ্থীত্ব- এই কথা জানিবলৈ দিয়ে এজেপিৰ সভাপতি গৰাকীয়ে।

অসমত এজেপি-ৰাইজৰ দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰীৱাল অহাৰ বিষয়টোক লৈ আলোচনা চলি থকাৰ কথাও স্পষ্ট কৰিছে লুৰীনে।

হাগ্ৰামা মহিলাৰীয়ে মহাজোটত চামিল হোৱাৰ পিছত এজেপি- ৰাইজৰ দলে নিজা ৰণকৌশল প্ৰস্তুত কৰিব বিটিএডিৰ ১২টা সমষ্টি বাবে ৷

তাৎপৰ্যপূৰ্ণ কথা, জিএমচিএইচত অখিলৰ কক্ষত ভিৰ লাগিছে প্ৰাৰ্থীত্ব প্ৰত্যাশিৰ। প্ৰাক্তন মন্ত্ৰী ভবেন বৰুৱা, শিল্পী মানস ৰবীন উপস্থিত হৈছে জিএমচিএইচত।

আনহাতে, বৈঠকত উপস্থিত থাকি ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্ক’ ডি শইকীয়াই কয়- বিজেপিক পৰাস্ত কৰিবলৈ ৰণনীতি প্ৰস্তুত কৰা হৈছে। দিছপুৰত কা' বিৰোধী চৰকাৰ গঠন কৰা হ'ব।

Your Comments