নলবাৰী বাঁহজানীত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ বাহনত সংঘটিত হয় আক্ৰমণ। আক্ৰমণ কাৰী দুৰ্বৃত্ত বিজেপিৰ সমৰ্থক বুলি অভিযোগ এজেপিৰ । জানিব পৰা গৈছে, নিৰ্বাচনী প্ৰচাৰৰ বাবে পুলকেশ বৰুৱাৰ সৈতে গৈছিল লুৰীণ জ্যোতি গগৈ। দুৰ্বৃত্তৰ দলটোৱে পুলকেশ বৰুৱাৰ গাড়ীৰ ক্ষতি সাধান কৰিছে।
উল্লেখ যোগ্য যে, আক্ৰমণকাৰী বিজেপি কর্মী সকলৰ নাম প্ৰকাশ কৰিছে এজেপিয়ে। মাহিন্দ্ৰ নাথ শৰ্মা, উদয় বৈশ্য,লক্ষী কলিতা, কিংকৰ কলিতা, তুলেন বৈশ্য, অজয় তালুকদাৰ আদিৰ নাম প্ৰকাশ কৰা হৈছে আক্ৰমণকাৰী বিজেপি কৰ্মীৰ তালিকাত ৷
জানিব পৰা অলুসৰি, নাৰায়ণ ডেকা জিন্দাবাদ ধ্বনি দিয়াৰ লগতে বিজেপিৰ পতাকা লৈ এজেপি সভাপতি গৰাকীৰ বাহনখন আগভেটি ধৰিছিল দুৰ্বৃত্তৰ দলটোৱে।
আনহাতে, সমগ্ৰ ঘটনাৰ সন্দৰ্ভত অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক ফোনযোগে অৱগত কৰিছে এজেপিয়ে।
- Log in to post comments
- 22 views