বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰাৰ পিছত দেওবাৰে এই সন্দৰ্ভত মুখ খুলিছে বি পি এফ নেত্ৰী তথা মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই। ব্ৰহ্মই বিজেপিৰ প্ৰতি অভিযোগ সূচক মন্তব্য কৰি কয় যে, বিজেপি দল আৰু চৰকাৰে তেওঁলোকক যথেষ্ট অপমান কৰিছে। সেয়েহে এই সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হ’ল তেওঁলোক।
উল্লেখ যোগ্য যে, ২০২১ৰ নিৰ্বাচনত বিপিএফ কংগ্ৰেছৰ সৈতে থকাৰ কথা প্ৰকাশ কৰে মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই। কংগ্ৰেছৰ নেতৃত্বতে ২১ত চৰকাৰ গঠন হোৱাৰো আশা প্ৰকাশ কৰে প্ৰমীলা ৰাণী ব্ৰহ্মই।
- Log in to post comments
- 28 views