'জাহাজ'ৰ প্ৰতীকেৰে নিৰ্বাচনত যুঁজিব অসম জাতীয় পৰিষদে: পঞ্জীয়ন নম্বৰ ঘোষণা

AJP

অসম জাতীয় পৰিষদৰ নিৰ্বাচনী প্ৰতীক আৰু দলৰ পঞ্জীয়ন নম্বৰ ৰাজহুৱা কৰা হ’ল। গুৱাহাটীৰ পানবজাৰৰ হোটেল প্ৰাগ কেণ্টিনেন্টেলত অনুষ্ঠিত এক সংবাদমেলত দলীয় নির্বাচনী প্ৰতীক ৰাজহুৱা কৰে সভাপতি লুৰীণজ্যোতি গগৈয়ে। 'জাহাজ' হ’ব নৱগঠিত আঞ্চলিক দলটোৰ প্ৰতীক ।

এজেপিৰ প্ৰতি ৰাইজক বিভ্ৰান্ত কৰিবলৈ প্ৰতিক্ৰিয়াশীল এটা চক্ৰই প্ৰচেষ্টা চলাইছে। আঞ্চলিক পঞ্জীয়ন ভুক্ত নোহোৱা বুলি ভুৱা প্ৰচাৰ চলাই আহিছে এই চক্ৰটোৱে ।সেই কথা উল্লেখ কৰি সভাপতি গগৈয়ে জাতীয় পৰিষদৰ পঞ্জীয়ন নম্বৰো ৰাজহুৱা কৰে।

AJP

দেশৰ নিৰ্বাচন আয়োগত পঞ্জীয়ন ভুক্ত এজেপিৰ পঞ্জীয়ন নম্বৰ হৈছে 56/161/2020-2021/ PPS-1। ২৫ ফেব্ৰুৱাৰীত ৰাজনৈতিক দল হিচাপে পঞ্জীয়নভুক্ত হ’ল এজেপি।

Exit Poll ৰ বিপৰীত ফলাফল ৰাইজে লাভ কৰিব আগন্তক নিৰ্বাচনত বুলি উল্লেখ কৰে সভাপতি গগৈয়ে। ইয়াৰোপৰি, লুৰীন জ্যোতি গগৈয়ে কয়যে "বিপিএফৰ সৈতে ইতিবাচক আলোচনা হৈছিল আমাৰ।কিন্তু শেহতীয়া ভাৱে হাগ্ৰামা মহিলাৰীয়ে মহাজোটত চামিল হৈছে।হয়তো তেওঁলোকৰ কিবা ৰাজনৈতিক বাধ্যবাধকতা থাকিব পাৰে।তাত আমাৰ ক’ব লগা নাই।এজেপিয়ে কোনো সাম্প্ৰদায়িক-ৰাষ্ট্ৰীয়তাবাদী শক্তিৰ বোকোছাত উঠি নির্বাচনত অৱৰ্তীন নহয়' ৷

Your Comments