'কা' আন্দোলনৰ পঞ্চ শ্বহীদক দুষ্কৃতিকাৰী আখ্যা হিন্দু যুৱ ছাত্ৰ পৰিষদৰ

Hindu yuva satra parishad

“অসম চুক্তি অসমৰ বাবে এক প্ৰচণ্ড অভিশাপ।এই চুক্তিয়ে অসমত অতিৰিক্ত ২০বছৰৰ অবৈধ বিদেশীৰ বোজা অসমক জাপি দিলে।অসম আন্দোলন আৰু অসম চুক্তিৰ জৰিয়তে অসমত কেৱল ভণ্ড নেতা সৃষ্টি হোৱাৰ বাহিৰে কোনো ভাল নহল অসমৰ”- বিস্ফোৰক অভিযোগ হিন্দু যুৱ ছাত্ৰ পৰিষদৰ।

“সদৌ অসম ছাত্ৰ সন্থাই অসম চুক্তিৰ ৬ নং দফাক লৈ ৰাজনীতি কৰা বন্ধ কৰিব লাগে।অসম চুক্তিৰ ৬নং দফা আখৰে আখৰে, দাৰি, কমা সহ ৰূপায়ণ কৰিব লাগিব বুলি ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়।যদি আখৰে আখৰে ৰূপায়ন কৰিব লাগে তেন্তে অসমীয়াৰ সংজ্ঞা, যিসমূহ জনগোষ্ঠীয়ে নিজকে অসমীয়া বুলি নকয় সেই জনগোষ্ঠী সমূহৰ কি হ'ব!অসমীয়া সংজ্ঞা নিৰূপণ কৰাৰ বাবে ৩৬বছৰ  কিয় লাগিছে”-সংগঠনটোৰ সভাপতি বলেন বৈশ্যই কয়। ইয়াৰোপৰি, নাগৰিকত্ব সংশোধনী আইনত মুছলমান সকলকো সুবিধা দিয়া হ'লে অসমত কোনো আন্দোলন নহ'ল হয়।মুছলমান শব্দটো নথকাটোৱেই আন্দোলনকাৰীৰ আপত্তি বুলিও বৈশ্যই কয়। 'কা' আন্দোলনৰ পঞ্চ শ্বহীদক দুষ্কৃতিকাৰী আখ্যাৰে সভাপতি গৰাকীয়ে কয়- “কা আন্দোলন কৰি আইন হাতত তুলি লোৱা কাৰো অধিকাৰ নাছিল।প্ৰতিবাদৰ নামত ৰাজপথত অত্যাচাৰ কৰাৰ কথা সহ্য কৰিব পাৰি নেকি!গতিকে দুস্কৃতিকাৰীক গুলি কৰিব পাৰে।সেইয়া ডাঙৰ কথা নহয়।” ৬নং দফা কাৰ্যকৰী নোহোৱাৰ বাবেও বশ্যই আছুক চুক্তিৰ সময়ত অসমীয়া শব্দটোৰ ঠাইত অন্য শব্দৰ কথা চিন্তা নকৰাৰ বাবে দায়ী বুলি দাবী কৰে ।

গুৱাহাটী প্ৰেছ ক্লাবত সম্বোধন কৰা সংবাদমেল খনত সংগঠনটোৰ বহুকেইজন সদস্য উপস্থিত থাকে।

Your Comments