অসমত ৰঙালী বিহুৰ পূৰ্বে তিনিটা পৰ্যায়ত নিৰ্বাচন: ২ মে’ত ঘোষণা কৰা হ’ব ফলাফল

Sunil Arora

অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব বিধানসভা নির্বাচন।বহাগ বিহুৰ পূৰ্বে ভোটদান প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব। দিল্লীত সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰিলে নিৰ্বাচন আয়োগে।

অসমত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ২৭ মাৰ্চত অনুষ্ঠিত হ'ব ৷। দ্বিতীয় পৰ্যায়ৰ ১ এপ্ৰিল আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৬ এপ্ৰিলত অনুষ্ঠিত হ’ব । প্ৰথম পৰ্যায়ত ৪৭টা সমষ্টিত, দ্বিতীয় পৰ্যায়ত ৩৯টা সমষ্টিত  আৰু তৃতীয় পৰ্যায়ত ৪০টা সমষ্টিত অনুষ্ঠিত হ’ব ভোট গ্ৰহণ কাৰ্যসূচী । মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰাই দিল্লী বিজ্ঞান ভৱনত সংবাদমেল যোগে এই কথা ঘোষণা কৰিলে ৷

উল্লেখ যোগ্য যে, প্ৰাৰ্থী সকলে অন্‌লাইনত মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব ।

Your Comments