খবৰ পোৱা গৈছে, ২৫ ফেব্ৰুৱাৰী বৃহস্পতিবাৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। লক্ষণীয় বিষয়টো হ’ল যে, নিৰ্বাচনৰ পূৰ্বে সঘনাই অসমলৈ আহি আছে বিজেপিৰ বহু হাইপ্ৰফাইল নেতা। প্ৰধানমন্ত্ৰীৰ পিছতেই এইবাৰ পুনৰ অজস্ৰ প্ৰতিশ্ৰুতিৰে অসমভূমিত অমিত শ্বাহ ৷
জানিব পৰা অনুসৰি, বটদ্ৰৱা প্ৰকল্পৰ শুভাৰম্ভ কৰিব গৃহমন্ত্ৰী গৰাকীয়ে। ইয়াৰোপৰি, শ্বাহে মহামৃত্যুঞ্জয় মন্দিৰৰ যজ্ঞটো অংশ গ্ৰহণ কৰিব। কাৰ্বি আংলঙৰ ডেন গাঁৱৰ বিশাল জনসভাতো ভাগ লোৱাৰ কথা কেন্দ্ৰীয় মন্ত্ৰীজনে ।
- Log in to post comments
- 9 views