মন্ত্ৰীত্বৰ পাঁচ বছৰীয়া শাসনৰ দিন শেষ হবলৈ মাজত কেইটামান দিন বাকী থকা সময়ত সংবাদ মাধ্যমৰ সৈতে বার্তালাপত মিলিত হয় বন, মীন আৰু আৱকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্ল বৈদ্য।
দিছপুৰ লাষ্টগেটস্থিত গড়কাপ্তানি বিভাগৰ প্ৰেক্ষাগৃহত মঙলবাৰে সংবাদ মাধ্যমৰ সন্মুখত মন্ত্ৰীত্বৰ পাঁচ বছৰীয়া কাৰ্যকালত লাভ কৰা বিভিন্ন অভিজ্ঞতা তথা কৰ্মৰ খতিয়ান দাঙি ধৰে মন্ত্ৰী বৈদ্যই।
তিনিওটা বিভাগৰ উন্নয়নমূলক কৰ্মৰ খতিয়ান দাঙি ধৰি মন্ত্ৰী গৰাকীয়ে কয়-২০১৬চনৰ পৰা তিনিটা বিভাগৰ দায়িত্ব গ্ৰহণ কৰি সম্পূৰ্ণৰূপে সফল হ'ব পৰা নাই যদিও দায়িত্ব সুচাৰুৰূপে পালন কৰি পূৰ্বতকৈ বিভাগসমূহৰ গুৰুত্ব বৃদ্ধি কৰা হৈছে।
মন্ত্ৰী গৰাকীয়ে আৱকাৰী বিভাগৰ প্ৰসংগ উল্লেখ কৰি কয়- উৎপাদন যিমান হয় প্ৰকৃতাৰ্থত নিয়ন্ত্ৰিত উপায়েৰে ৰাইজৰ ওচৰলৈ নিব পৰা হোৱা নাছিল।চাহ বাগিচা অঞ্চলত চুলাই-মদ সেৱন কৰি মৃত্যুৰ হাৰ বৃদ্ধি হৈছিল । জিন্দাল কমিটি পৰামৰ্শ মৰ্মে মন্ত্ৰীত্বৰ দায়িত্বভাৰ লৈ আইন প্ৰণয়ন কৰি নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা হৈছে। আইনৰ জৰিয়তে মহল ব্যৱস্থাক নিয়ন্ত্ৰিত কৰা হৈছে।
আনহাতে, অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীৰ আৱকাৰী বিভাগে নাকা চেকিং ব্যৱস্থা ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰম্ভ কৰিছে । অহা বিধানসভা নিৰ্বাচনৰ প্ৰতি আয়োগে দিয়া নির্দেশ মৰ্মে এই ব্যৱস্থা আৰম্ভ হোৱা বুলি মন্ত্ৰী গৰাকীয়ে কয়।
ৰাজ্যত অবৈধ চুলাই- মদ সম্পূৰ্ন ৰূপে আজিও বন্ধ কৰিব পৰা নাই বুলি স্বীকাৰ কৰি বৈদ্যই কয়- পূৰ্বতকৈ অধিক নিয়ন্ত্ৰণ কৰা হৈছে।
ইফালে ক’ভিড মহামাৰীৰ সময়ত মদৰ ওপৰত অতিৰিক্ত ২৫% কৰ লগোৱা হৈছিল।কৰ হ্ৰাস কৰাতো নির্বাচন কেন্দ্ৰক নহয় বুলি মন্ত্ৰী গৰাকীয়ে কয়।
আৱকাৰী বিভাগৰ সফলতাৰ কথা উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় - ক'ৰনাৰ সময়ত ১০লাখ লিটাৰ হেণ্ড চেনিটাইজাৰ উৎপাদন কৰাতো আন এক সফলতা।
আনহাতে অনুষ্ঠানত মীন বিভাগৰ খতিয়ান দাঙি ধৰি তেওঁ কয়-যোৱা পাঁচ বছৰত অসমলৈ বহিঃৰাজ্যৰ পৰা অসমলৈ ফৰ্মেলীন যুক্ত মাছ অহাতো বন্ধ কৰা হৈছে।ৰাজ্যত পূৰ্বতে ২.৯৪ লাখ মেট্ৰিকটন মাছ উৎপাদন হৈছিল ৷ কিন্তু বৰ্তমান এই পৰিমাণ ২০ মেট্ৰিকটন বৃদ্ধি হৈছে। মাছৰ পোনা ৯ হাজাৰ ৫শ ১৯ নিযুত মেট্ৰিকটন হোৱা বুলিও তেওঁ জনায়।
লগতে ঘৰে ঘৰে পুখুৰী, মাছ শীৰ্ষক আঁচনিৰ জৰিয়তে ৰাজ্যত ১২,৫০০টা ব্যক্তিগত পুখুৰী স্থাপন কৰিবলৈ সক্ষম হৈছে।নতুন মীন নীতিৰ খচৰা প্ৰস্তুত কৰি অনুমোদনৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰীজনে।
বৈদ্যই অনুষ্ঠানত কয়-ৰাজ্যত চালানি মাছে দখল কৰা বজাৰত আজি লোকেল মাছ পোৱা যায়।
বৈদ্য দায়িত্বত থকা আনতো গুৰুত্বপূৰ্ণ বিভাগ- বন বিভাগৰ সফলতাৰ কথা উল্লেখ কৰি তেওঁ কয়- ২০১৬ চনৰপৰা ২০২০ চনলৈ ৰাজ্যত ৩৭৩গৰাকী চোৰাং চিকাৰী গ্ৰেপ্তাৰ কৰা হৈছে।তাৰে ১৭২ গৰাকী চোৰাং চিকাৰী বিচাৰৰ বাবে প্ৰেৰণ কৰা হৈছে।
একেদৰে বন্যপ্ৰাণী সংক্ৰান্তীয় গোচৰসমূহ তৎকালীন নিষ্পত্তিৰ বাবে ১০খন জিলাত গঠন কৰা ফাষ্ট ট্ৰেক কৰ্টত বৰ্তমানলৈকে ৭জন চোৰাং চিকাৰী দোষী সাব্যস্ত হোৱা বুলিও তেওঁ কয়।
- Log in to post comments
- 10 views