বিধানসভা নিৰ্বাচনৰ আগে আগে গঠন হ’ল সংবাদ মাধ্যম-ছ’চিয়েল মিডিয়া নিৰীক্ষণৰ বাবে কমিটী

MCMC

২০২১ৰ বিধানসভা নিৰ্বাচনৰ আগে আগে নিৰ্বাচন নিকা আৰু স্বচ্ছ  হ’বৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে প্ৰস্তুতি চলাইছে নিৰ্বাচন সম্পৰ্কীয় কেইবাখনো কমিটি গঠনৰ । ১৯ ফেব্ৰুৱাৰী শুক্ৰবাৰে উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ সঞ্চালনাত অনুষ্ঠিত এখন সভাত মিডিয়া চাৰ্টিফিকেট এণ্ড মনিটৰিং কমিটী (MCMC) গঠন কৰা হয়।

উক্ত কমিটিখন গঠন কৰাৰ মূল উদ্দেশ্য হৈছে, নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ পিছত যাতে কোনো দল বা প্ৰাৰ্থীয়ে ভোটাৰক আকৃষ্ট কৰিবলৈ অথবা প্ৰত্যক্ষ-পৰোক্ষভাৱে প্ৰচাৰ চলাবলৈ সংবাদ মাধ্যমক ব্যৱহাৰ কৰিব নোৱাৰে । জিলা উপায়ুক্তৰ অধ্যক্ষ হিচাপে লৈ গঠন কৰা কমিটিখনত জ্যেষ্ঠ সাংবাদিক সঞ্জয় ৰায়কে ধৰি কেইবাজনো সদস্য আছে। জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে প্ৰকাশ কৰা অনুসৰি ২৪ ঘন্টাই অধিক সতৰ্ক হৈ কমিটিখনে দায়িত্ব পালন কৰিব। ছপা মাধ্যম আৰু বৈদ্যুতিক মাধ্যমৰ উপৰিও ছ’চিয়েল মিডিয়াকো নজৰত ৰাখিব MCMC য়ে ।  

Your Comments