শ্রীনগৰত উগ্ৰপন্থীৰ হাতত আহত হ’ল দুজন আৰক্ষী জোৱান। ঘটনাটো সংঘটিত হৈছে ১৯ ফেব্ৰুৱাৰী শুক্ৰবাৰে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ বাৰঝুল্লা এলেকাত ৷ আহত আৰক্ষী বিষয়া দুজনক চিকিৎসালয়ত ভর্তি কৰা হৈছিল ঘটনাৰ পিছতে ৷ খবৰ পোৱা গৈছে এজন আৰক্ষী বিষয়াৰ চিকিৎসালয়তেই মৃত্যু হৈছে । অঞ্চলটো বৰ্তমান আৰক্ষীৰ তদাৰকত ৰখা হৈছে। জানিব পৰা অনুসৰি, শুক্রবাৰে ৰাতিপুৱাৰপৰাই উগ্ৰপন্থীৰ সৈতে সংঘৰ্ষত উত্তপ্ত হৈ আছিল এই বৃহৎ এলেকাটো। এফালে বাদগাম জিলাত উগ্ৰপন্থীৰ গুলিত নিহত হৈছে এজন আৰক্ষী বিষয়া, আহত এজন। আনফালে, ছোপিয়ান জিলাত আৰক্ষীৰ সৈতে এনকাউন্টাৰত নিহত হৈছে তিনি উগ্ৰপন্থী। অস্ত্র আৰু গুলিও উদ্ধাৰ হৈছে অঞ্চলটোৰপৰা ।
ঘটনাৰ বিৱৰণ অনুসৰি, বাগদাম জিলাত নিৰাপত্তাবাহিনীৰ সৈতে উগ্ৰপন্থীদলৰ সংঘৰ্ষ হৈছিল। গাত লৈ অহা কম্বলৰ তলৰপৰা বন্দুক উলিয়াই হঠাৎ উগ্ৰপন্থীয়ে আৰক্ষীৰ ওপৰত গুলি চালনা কৰে। ঘটনাত আহত দুই আৰক্ষী বিষয়াৰ ভিতৰত এজনৰ চিকিৎসাধীন অৱস্থাত চিকিৎসালয়তে মৃত্যু হয় ৷ নিহত আৰক্ষী বিষয়া জনৰ নাম মহম্মদ আলতাফ, তেওঁ জম্মু-কাশ্মীৰ আৰক্ষীৰ স্পেচিয়েল বিষয়া আছিল ৷ চিকিৎসাধীন হৈ থকা আনজন আৰক্ষী বিষয়াৰ নাম চার্জেন্ট মনজুৰ আহমেদ। বাদগামত এতিয়াও এনকাউন্টাৰ অব্যাহত আছে বুলি জানিব পৰা গৈছে ।
- Log in to post comments
- 26 views