এইবাৰ কৃত্ৰিম উপগ্ৰহৰ সৈতে মহাকাশলৈ যাব শ্ৰীমদ্ভগৱদ গীতাৰ লগতে প্রধানমন্ত্রী মোদীৰ নাম আৰু ছবি। আৰু যাব প্রায় ২৫,০০০ জন লোকৰ নামো। এইসকলোবোৰ যাব এটা নেন’চেটেলাইটত সোমাই। পূৰ্ণোদ্যমে আৰম্ভ হৈ গৈছে ইয়াৰ প্রস্তুতি। সকলো ঠিকে থাকিলে অহা ২৮ ফেব্ৰুৱাৰীৰ ৰাতিপুৱা শ্রীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ গৱেষণা কেন্দ্রৰপৰা PSLV-C-51 (Polar Satellite Launch Vehicle) ৰকেটৰ সহায়েৰে মহাকাশলৈ উৰা মাৰিব এই কৃত্ৰিম উপগ্ৰহ। এই কৃত্ৰিম উপগ্ৰহটোৰ নাম ৰখা হৈছে সতীশ ধাৱন চেটেলাইট বা SD SAT (Satish Dhawan Satellite/ SD SAT)।
জানিবলৈ পোৱা অনুসৰি পূৰ্বে মহাকাশ অভিযানত বাইবেল পঠোৱা হৈছিল। এপ’ল’ ১১ লুনাৰ মডিউলত (Apollo 11 Lunar Module) বাইবেল লৈ গৈছিল এজন আমেৰিকান মহাকাশচাৰীয়ে। সেই কাৰ্যক অনুসৰণ কৰি এইবাৰ মদ্ভগৱদ্গীতা পঠোৱাৰ সিদ্ধান্ত লোৱা হৈছে। আনহাতে, চেটেলাইটত প্রধানমন্ত্রী মোদীৰ নাম আৰু ছবি পঠোৱাৰ কাৰণ আত্মনির্ভৰ ভাৰত অভিযানৰ বার্তা আৰু সেই লক্ষ্যত প্রধানমন্ত্রীৰ উদ্যোগৰ বিষয়ে প্ৰচাৰৰ বাবে বুলি জানিব পৰা গৈছে ৷
ইয়াৰোপৰি, চেটেলাইটৰ বটম পেনেলত ISRO-ৰ চেয়াৰপাৰ্চন ড° কে শিৱন আৰু ছাইনটিফিক ছেক্রেটাৰী ড° আৰ উমামহেশ্বৰণৰ নামো থাকিব ৷
উল্লেখ যোগ্য যে, কৃত্ৰিম উপগ্ৰহটো নিৰ্মাণ কৰিছে স্পেছকিড্চ ইণ্ডিয়াই । উক্ত কৃত্ৰিম উপগ্ৰহটোত থাকিব তিনিটা পে-লোড । এটা পে-লোড স্পেছ ৰেডিয়েছন অর্থাৎ মহাকাশৰ বিকিৰণ প্ৰত্যক্ষ কৰিবৰ বাবে, আনটো মেগনেট’স্ফেয়াৰ অর্থাৎ চুম্বকীয় ক্ষেত্রৰ পৰিমাপৰ বাবে আৰু তৃতীয়টোৱে ল’ পাৱাৰ ৱাইড এৰিয়া কমিউনিকেচন নেটৱর্ক হিচাপে কাম কৰিব ।
- Log in to post comments
- 24 views