আৰক্ষীয়ে মদ্যপান কৰিলেই হেৰুৱাব লাগিব চাকৰি, ঘোষণা বিহাৰৰ মুখ্যমন্ত্ৰীৰ!

Nitish Kumar

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে আৰক্ষীৰ লোকে মদ খালে দেখা মাত্ৰকে চাকৰিৰ পৰা বৰ্খাস্ত কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। কিন্তু বিৰোধী দলসমূহে মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশৰ তীব্ৰ বিৰোধিতা কৰিছে। এনে কাৰ্যৰে মুখ্যমন্ত্ৰীয়ে আৰক্ষীক বলিৰ পঠা সজোৱাৰ অভিযোগ তুলিছে বিৰোধী দল আৰ জে ডিয়ে। যোৱা মঙলবাৰে “আবকাৰী শুল্ক বিভাগ”ৰ এখন বৈঠকত উপস্থিত থাকি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় – কোনো আৰক্ষীৰ লোকে মদ্যপান কৰিলে বা সুৰামত্ত অৱস্থাত ধৰা পৰিলে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হওক আৰু তৎক্ষণাৎ চাকৰিৰ পৰা বৰ্খাস্ত কৰা হওক।

Bihar Police

বিহাৰত আৰক্ষী বিভাগত ৮০০০০ লোক কৰ্মৰত হৈ আছে আৰু ২০১৬ চনত ৰাজ্যখনত সুৰা নিষিদ্ধ কৰা হৈছিল। এইবাৰ আৰক্ষী সঞ্চালকৰ পদবীৰ পৰা অৱসৰ লৈ নিৰ্বাচনত জয়লাভ কৰা সুনীল কুমাৰক আবকাৰী বিভাগৰ মন্ত্ৰীত্ব প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰী গৰাকীয়ে আবকাৰী মন্ত্ৰীৰ উপস্থিতিত বিষয়াসকলক চুবুৰীয়া ৰাজ্যৰ পৰা সুৰাৰ সৰবৰাহ বন্ধ কৰাৰ বাবে পদক্ষেপ ল’বলৈও নির্দেশ প্ৰদান কৰিছে।

অৱশ্যে বিৰোধী দল “ৰাষ্ট্ৰীয় জনতা দলে” মুখ্যমন্ত্ৰীৰ এনে কাৰ্যৰ তীব্ৰ সমালোচনা কৰিছে। আৰ জে ডিৰ মুখপাত্ৰ মৃত্যুঞ্জয় তিৱাৰীয়ে কয় – কেৱল আৰক্ষীয়েই কিয়, আন বিভাগৰ চৰকাৰী বিষয়াৰ বিৰুদ্ধেও মদ্যপান কৰিলে অনুৰূপ ব্যৱস্থা গ্ৰহণ কৰক। এনে নিৰ্দেশৰে আৰক্ষীক বলিৰ পঠা সজোৱা হৈছে।

২০১৬ চনত বিহাৰত মদ নিষিদ্ধ কৰা হৈছিল যদিও ৰাজ্যখনত অবৈধ মদৰ বেহা এতিয়াও চলি আছে। দৈনিক আৰক্ষীয়ে অবৈধ সুৰা জব্দ কৰাৰ বাতৰি পোৱা যায়। ২০১৬ চনৰ পৰা আজিলৈকে বিহাৰ আৰক্ষীয়ে প্ৰায় ৫২ লাখ লিটাৰ সুৰা জব্দ কৰিছে।

Your Comments