সংখ্যালঘু কি, এই সংজ্ঞা নির্ণয় কৰিবৰ বাবে কেন্দ্রলৈ জাননী প্ৰেৰণ কৰিছে উচ্চতম ন্যায়ালয়ে । বিজেপি নেতা তথা আইনজীৱী অশ্বিনী কুমাৰ উপাধ্যায়ৰ আবেদনৰ শুনানিত এই নিৰ্দেশ জাৰি কৰে ন্যায়ালয়ে। তেখেতে দাবী কৰিছিল যে উচ্চতম ন্যায়ালয়ে যেন ঠিক কৰি দিয়ে সংখ্যালঘু কাক কোৱা হ’ব। সেই সন্দৰ্ভত কেন্দ্রৰ অৱস্থান জানিবলৈ বিচাৰিছে উচ্চতম ন্যায়ালয়ে।
প্রধান বিচাৰপতি সাৰদ অৰবিন্দ ব’বডে সহ বিচাৰপতি ব’পান্না আৰু বিচাৰপতি ৰামাসুভ্ৰমণিয়ামেৰে তিনিজনীয়া বেঞ্চত এই বিষয়টো উত্থাপন হয়। National Commission for Minorities Act, 1992 ৰ 2(C) ধাৰাৰ ওপৰত প্রশ্ন তুলিছে উপাধ্যায়ে। এই আইনৰ আওতাত কেন্দ্রৰ হাতত সম্পূর্ণ অধিকাৰ আছে সংখ্যালঘুৰ সংজ্ঞা নির্ধাৰণ কৰিবলৈ। উপাধ্যায়ৰ দাবী যে অৰুণাচল প্রদেশ, অসম, গোৱা, জম্মু-কাশ্মীৰ, কেৰেলা, লক্ষদ্বীপ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, পঞ্জাৱ, তামিলনাডু, উত্তৰ প্রদেশ আৰু পশ্চিমবঙ্গত সংখ্যালঘু উন্নয়ন প্রকল্পসমূহ উচিত ভাৱে ব্যৱহাৰ কৰা হোৱা নাই ।
উপাধ্যায়ৰ আবেদনত অভিযোগ কৰা হৈছে যে উচিত ভাৱে সংখ্যালঘুৰ চিহ্নিতকৰণ নোহোৱাৰ বাবে প্ৰকৃত সংখ্যালঘুসকলৰ পৰিবৰ্তে তেওঁলোকৰ সুবিধাসমূহ আনেহে লৈ আছে । সংবিধান বিৰোধী ভাৱে সংখ্যালঘুৰ স্থানত সংখ্যাগৰিষ্ঠই লৈ আছে যাৱতীয় সা-সুবিধাসমূহ বুলিও দাবী কৰা হৈছে আবেদনখনত। এই সন্দৰ্ভত কেন্দ্রৰ অৱস্থান লক্ষণীয় হ’ব ।
- Log in to post comments
- 30 views