ৰক্তৰ বন্যা! জানো আহক এখন আজৱ গাঁৱৰ আজৱ অভ্যাস

Pic

ৰক্তৰ বন্যা যেন!প্রথম দেখি বহু লোকেই ভয় খাইছিল । ইমানবোৰ তেজ আহিল ক’ৰপৰা! কিন্তু পিছত গম পোৱা গ’ল, পথে-ঘাটে যি ৰঙা ৰঙৰ তৰল পদাৰ্থ ভাঁঁহি আছে, সেয়া প্ৰকৃততে তেজ নহয়, পানী। সেই ৰঙা ৰঙৰ পানীত সম্পূৰ্ণ এখন গাঁঁও ডুবি গৈছে । কিন্তু পানীৰ ৰং ইমান ৰঙা হ’ল কেনেকৈ! 

Pic

ইন্দোনেছিয়াৰ পেকালোংগান নামৰ এখন গাঁঁও। সেই গাঁঁওখনতেই ঘটিছে এই আচৰিত ঘটনা । এখন সম্পূৰ্ণ গাঁঁও যোৱা শনিবাৰৰপৰা দুদিন ধৰি এই ৰঙা ৰঙৰ পানীত ডুবিছে। জানিবলৈ পোৱা গৈছে, ইন্দোনেছিয়াৰ এই গাওঁখন ফেব্রিক প্রিন্টিঙৰ বাবে জনপ্রিয়। বৰষুণৰ সময়ত প্রিন্টিঙৰ কামৰ লগত জড়িত বহুলোকে ইচ্ছাকৃতভাৱে পানীত ৰং পানীত মিলাই দিয়ে। স্থানীয় সংবাধমাধ্যমে জনাইছে, ইয়াৰ আগতেও এনে ঘটনা ঘটিছে। যোৱা বছৰ বৰষুণৰ সময়ত এই এলেকাৰ সকলোৱে পানীত সেউজীয়া ৰং মিহলাই দিছিল। ফলত সেইবাৰ তাত সেউজীয়া ৰঙৰ পানী দেখা গৈছিল। তাৰ আগতে এবাৰ বেঙুনীয়া ৰং মিহলোৱা দেখা গৈছিল।

Your Comments