প্ৰবল ভূমিকম্প অনুভূত হৈছে প্রশান্ত মহাসাগৰৰ দক্ষিণত। নতুন বছৰৰ আৰম্ভণিতেই চুনামীৰ আতঙ্কত অষ্ট্ৰেলিয়া । সতর্কতা জাৰি কৰা হৈছে উত্তৰ নিউজিলেণ্ডতো ।
জানিবলৈ পোৱা গৈছে, এই ভূমিকম্পৰ উৎসস্থল আছিল পূব অষ্ট্ৰেলিয়াৰপৰা ৩৪০ মাইল দূৰৈত। ৰিখটাৰ স্কেলৰ কম্পনৰ তীব্রতা ধৰা পৰিছে ৭.৫। ভূমিকম্পৰ প্ৰভাৱ পৰিছে উত্তৰ নিউজিলেণ্ডতো । বিশেষজ্ঞসকলৰ নিৰিক্ষণ অব্যাহত আছে । উত্তৰ নিউজিলেণ্ডত ইতিমধ্যে চুনামীৰ সতর্কতা জাৰি কৰিছে প্রশাসনে।
ভূ-তত্ত্ববিদ সুজীৱ কৰে জনাইছে, অত্যাধিক সক্রিয় হৈ উঠিছে ইন্দো-অষ্ট্ৰেলিয়ান প্লেট। এই প্লেটৰ একেবাৰেই দক্ষিণত ভানুয়া ২ অঞ্চল। সেই অঞ্চলটো ভূমিকম্পৰ উৎসস্থল। এই অঞ্চলত ইতিমধ্যে ৬.২-তকৈ অধিক প্ৰাবল্যৰ আন দুটা ভূমিকম্প অনুভূত হৈছে। কেৱল সেয়ে নহয়, ইন্দো-অষ্ট্ৰেলিয়ান প্লেটৰ সক্রিয়তাৰ বাবে দক্ষিণ এছিয়াৰ দ্বীপসমূহতো বাৰে বাৰে ভূমিকম্প অহাৰ আশঙ্কা আহি পৰিছে।
উল্লেখ যোগ্য যে, যোৱা বছৰৰ মাজ ভাগত ভয়াবহ ভূমিকম্পত কঁপি উঠিছিল আমেৰিকা ৷ কম্পনৰ প্ৰাবল্য আছিল ৰিখটাৰ স্কেলৰ ৭.৮ । তেতিয়াও চুনামীৰ সতর্কতা জাৰি কৰা হৈছিল মার্কিন যুক্তৰাষ্ট্ৰত। যদিও তাত শেষ পর্যন্ত কোনো অঘটন নঘটিল ।
- Log in to post comments
- 28 views