গুৱাহাটীৰ "জাগৰণ আর্টফেডত" ভয়ংকৰ অগ্নিকাণ্ড

jagaran2

গুৱাহাটী মহানগৰীৰ আমবাৰীস্থ "জাগৰণ আর্টফেডত" শনিবাৰে ৰাতি সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড । শনিবাৰে ৰাতি প্ৰায় ১০.৪৫ বজাত সংঘটিত এই  অগ্নিকাণ্ডত নিমিষতে জুইত জাহ বহুতো মূল্যৱান সামগ্ৰী। বৈদ্যুতিক শ্বট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিবলৈ দিছে পৰিচালক সঞ্চালক মুকুল চন্দ্ৰ ডেকাই।ডেকাই লগতে জানিবলৈ দিয়ে যে নিশা সংঘটিত  এই অগ্নিকাণ্ড প্ৰথমে প্ৰত্যক্ষ কৰিছিল "জাগৰণ আৰ্টফেডৰ" কৰ্মচাৰী ধীৰেণ নাথে। jagar

পৰিচালক সঞ্চালক মুকুল চন্দ্ৰ ডেকাই  অগ্নিকাণ্ডৰ ফলত প্ৰায় ৫০ লাখৰো  অধিক টকাৰ মূল্যৱান সামগ্ৰী জুইত জাহ  যোৱা বুলি জানিবলৈ দিয়ে। তাৰ ভিতৰত তেওঁ জানিবলৈ দিয়া অনুসৰি কম্পিউটাৰ ৩টা, জেৰক্স মেচিন ১টা, এ.চি ১টা, ফেক্স মেচিন ১টা, আলমিৰা ৯টা,ষ্টিলৰেগ ৮ টা, ফেন ১০খন, কাঠৰ টেবুল ৪খন , চকী ২৬খন, কাৰ্যলয় টেবুল ১৮ খন অগ্নিকাণ্ডত জাহ যায়। ইয়াৰ উপৰি বিভিন্ন প্ৰয়োজনীয় তথ্য-পাতিও এই অগ্নিকাণ্ডৰ ফলত জাহ যায় বুলি জানিবলৈ দিয়ে। 

উল্লেখ যে কৰ্মচাৰী সকলৰ অভিযোগ অনুসৰি গৃহটো বহু পুৰণি।  "জাগৰণ আর্টফেড" গৃহটো ১৯৫৫ চনতে নিৰ্মান কৰা হৈছিল। ফলত বৈদ্যুতিক বিজুটি ঘটাৰ সন্দেহ। ইফালে অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছতে অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈছিল যদিও জুই ভয়ংকৰ ৰূপ লোৱা নিৰ্বাপিত কৰিবলৈ প্ৰায়  ২ পৰা আঢ়ৈ ঘণ্টা সময় প্ৰয়োজন হোৱাৰ লগতে ৭-৮খনকৈ  অগ্নিনিৰ্বাপক বাহিনী বাহন জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।

Your Comments