কৰিমগঞ্জ আৰক্ষীৰ সফলতা: জয়দীপ দে হত্যাৰ দুই মূল অভিযুক্তক গ্ৰেপ্তাৰ

karimganj

শিলচৰৰ পৰা আব্দুল আলিম চৌধুৰীৰ প্ৰতিবেদন :

কৰিমগঞ্জৰ জয়দীপ দে হত্যাৰ মূল দুই অভিযুক্ত কৰিমগঞ্জৰ সুভাষনগৰৰ  সার্থক নাগ  আৰু সৰিষাৰ বাসিন্দা শুভেন্দু নমঃশূদ্রক আজি কৰিমগঞ্জ আৰক্ষীৰ এটা বিশেষ দলে আটক কৰিবলৈ সক্ষম হয়। 
উল্লেখ্য যে জয়দীপ দেৰ হত্যাৰ পিছত বিষয়টোক সাম্প্রদায়িক ৰূপ দিয়াৰ অপচেষ্টা চলাইছিল এটা অশুভ শক্তিয়ে,আজি হত্যাকাৰী দুটাক আটক পিছতেই  ঘটনাটোৰ প্ৰকৃত  ছবি ওলাই পৰা বুলি সচেতন মহলে মত ব্যক্ত কৰিছে। এই
ঘটনাৰ আৰত কিবা ষড়যন্ত্র থাকিব পাৰে নেকি বুলি কৰিমগঞ্জ আৰক্ষীক সাংৱাদিকে প্রশ্ন কৰিছিল যদিও তদন্তৰ স্বাৰ্থত আৰক্ষীয়ে একো মুখ খোলিব বিচৰা নাই।

Your Comments