কাৰ্যভাৰ গ্ৰহণ কৰিয়েই বিদেশ মন্ত্ৰী ডঃজয়শংকৰৰ জনদৰদী ভূমিকা

forein minister

নিউজ ডেস্ক:

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ দায়িত্ব গ্ৰহণ কৰাৰ লগে লগে সমস্যাগ্ৰস্ত ভাৰতীয় নাগৰিকৰ সহায়ৰ বাবে তৎপৰ হ'ল ডঃ এছ জয়শংকৰ।টুইটাৰত সহায় বিচৰা ৰিংকি নামৰ এগৰাকী মহিলাক ততালিকে প্ৰত্যুত্তৰ দি উপযুক্তভাৱে সহায় কৰাৰ আশ্বাস দিলে মন্ত্ৰীগৰাকীয়ে। 


ৰিংকি নামৰ ভাৰতত থকা মহিলাগৰাকীয়ে তেওঁৰ আমেৰিকাত থকা ৬ মহীয়া কন্যা সন্তানক পাবলৈ সহায় বিচাৰি ডঃ জয়শংকৰক টুইট কৰাত তেওঁ সহায়ৰ আশ্বাস দিয়ে।টুইট কৰি সহায় বিচৰা  আন দুগৰাকী মহিলাকো সহায়ৰ প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰীগৰাকীয়ে।উল্লেখ্য যে পূৰ্বৰ মন্ত্ৰী সুষমা স্বৰায়েও এনে এক জনদৰদী ভূমিকা পালন কৰি দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিব সক্ষম হৈছিল।

Your Comments