মহানগৰীত আজিও অব্যাহত জিএমচিৰ উচ্ছেদ অভিযান

ussed

নিউজ ডেস্ক :

মহানগৰীত জিএমচিৰ উচ্ছেদ অভিযান আজিও অব্যাহত আছে। পানবজাৰৰ ফুটপাথত বে-আইনী ভাৱে গঢ়ি উঠা দোকানৰ বিৰুদ্ধে জিএমচিৰ উচ্চেদ অভিযানৰ পিছতেই আজি  জিএমচিয়ে অভিযান চলালে নীতি বাহিৰ্ভূতভাৱে ব্যৱসায় চলাই থকা মহানগৰীৰ ছয়মাইল আৰু ভিআইপি ৰোডত থকা মাংস দোকান সমূহত। স্বাস্থ্য আৰু পৌৰ নিগমৰ পশু চিকিৎসা বিভাগৰ নির্দেশত উচ্ছেদ অভিযান চলোৱা হয় এই মাংস বিপনী সমূহত। উল্লেখ্য যে এই মাংস বিপনীসমূহ জিএমচিৰ অনুজ্ঞাপত্ৰ বিহীন ভাৱে ব্যৱসায় চলাই আহিছিল।ইয়াৰ উপৰিও এই বিপনী সমূহে অস্বাস্থ্যকৰ পৰিবেশত হাঁহ,কুকুৰা আৰু ছাগলী মাংস গ্ৰাহকক যোগান ধৰি অহাৰো আভিযোগ আছিল।

জানিব পৰা মতে এই অবৈধ মাংস বিপনী সমূহ আজি উচ্চেদ কৰাৰ পূৰ্বে  জিএমচি কৰ্তৃপক্ষই কেইবাবাৰো জাননী জাৰি কৰিছিল।কিন্তু জিএমচি  জাননীলৈ কোনো গুৰুত্ব  দিয়া নাছিল এই ব্যৱসায়ী সকলে। ফলত আজি জিএমচিয়ে নিজে উচ্ছেদ কৰিবলৈ বাধ্য হয়। উল্লেখ যে আজি এই উচ্চেদ অভিযানৰ সময়ত উপস্থিত থাকে জিএমচিৰ পশু চিকিৎসা বিভাগৰ বিষয়া
ড০ প্ৰদীপ মেধি।

Your Comments