দিছপুৰত নিবনুৱাৰ ধন আত্মসাতকাৰী প্ৰৱঞ্চকক আটক ৰাইজৰ

dispur

 তপন বৰগোহাঁই


ধনৰ বিনিময়ত চাকৰি দিয়াৰ প্ৰলোভনেৰে ৰাজ্যৰ বহু নিবনুৱাৰ পৰা টকা সংগ্ৰহ কৰা প্ৰৱঞ্চকক হাতে-লোটে কৰায়ত্ত কৰা হয়।শুকুৰবাৰে নিশা দিছপুৰ ছুপাৰ মাৰ্কেটত ৰাইজে কৰায়ত্ত কৰা প্ৰৱঞ্চকটোৰ নাম নুৰ ইছলাম লস্কৰ।ধৃত নুৰ ইছলামৰ ঘৰ শিলচৰত। 


উল্লেখ্য যে ধৃত প্ৰৱঞ্চকটোৱে বহুসময়ত নিবনুৱা যুৱকক চাকৰিৰ দিয়াৰ নামত সংগ্ৰহ কৰিছিল ৫০ৰ পৰা ৫৫ হাজাৰ টকা।বিশেষকৈ নলবাৰী, বৰপেটা, মুকালমুৱা আদিৰ বহু যুৱকক ডুবাইত চাকৰিৰ দিয়াৰ প্ৰলোভনেৰে প্ৰৱঞ্চক নুৰ ইছলাম লস্কৰে সংগ্ৰহ কৰিছিল ধন।
তাৰ পিছত ধৃত প্ৰৱঞ্চকটোৱে  দীর্ঘদিন ধৰি আত্মগোপন কৰি  আছিল।


অৱশেষত শুকুৰবাৰে  নিশা এটা খবৰৰ ভিত্তিত প্ৰৱঞ্চকটোক ৰাইজে দিছপুৰ ছুপাৰ মাৰ্কেটত ধন সংগ্ৰহ কৰি থাকোতে হাতে-লোতে ধৰি উত্তম-মধ্যম সোধাই গতাই দিয়ে দিছপুৰ আৰক্ষীক।পিছত দিছপুৰ আৰক্ষীয়ে ধৃত নুৰ ইছলাম লস্কৰক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ যায়।বৰ্তমান ধৃত প্ৰৱঞ্চকটোৰ বিৰূদ্ধে দিছপুৰ আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

Your Comments