নগাঁৱত দুখনকৈ সম্পাদনা গ্ৰন্থ " কথা গুৰু চৰিত্", "মহাপুৰুষ শ্ৰী শ্ৰী গোপাল দেৱৰ চৰিত" উন্মোচন

nagaon

 নগাঁও ৱাহিদুদ জামান :

 "মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা,আজি আমি গুৰুজনাৰ সৃষ্টিৰাজীৰ জৰিয়তে অসমীয়া হিচাপে প্ৰতিষ্ঠিত হৈছোঁ।"- এই মন্তব্য বিশিষ্ট শিক্ষাবিদ সুৰেশ বৰাৰ। আজি নগাঁও চহৰৰ অগ্ৰণী শিক্ষানুষ্ঠান প্ৰিমিয়াৰ জুনিয়ৰ কলেজত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জখলাবন্ধা সত্ৰৰ সত্ৰাধিকাৰ যুগল চন্দ্ৰ গোস্বামীয়ে সম্পাদনা কৰা গ্ৰন্থ "শ্ৰী শ্ৰী গোপাল দেৱৰ চৰিত" উন্মোচন কৰি দিয়া ভাষণত এই মন্তব্য কৰি তেওঁ আৰু কয়, "গুৰুজনাৰ আদৰ্শ অবিহনে অসমীয়া জাতিৰ অস্তিত্বৰ কথা চিন্তা কৰিব নোৱাৰি।"  মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ শিষ্য গোপাল দেৱো এগৰাকী বহল মনৰ অধিকাৰী আছিল বুলিও তেওঁ মন্তব্য কৰে। ৰাষ্ট্ৰীয় পূৰাতত্ত বিভাগৰ অৰ্থ সাহাৰ্যত নগাঁৱৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান হাতীপাৰা উদয় সমাজ কল্যাণ সমিতি আৰু পুথিভঁৰালৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থ উন্মোচনী সভাখনত সভাপতিত্ব কৰে বিশিষ্ট সমাজকৰ্মী ৰণদ্বীপ নন্দীয়ে।

স্বেচ্ছাসেৱী সংগঠনটোৰ সাধাৰণ সম্পাদক জালাল উদ্দিন আহমেদে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত সত্ৰাধিকাৰ গৰাকীয়ে সম্পাদনা কৰা আন এখন গ্ৰন্থ "কথা গুৰু চৰিত" উন্মোচন কৰে বিশিষ্ট লেখিকা জেউতি হাজৰিকাই। গ্ৰন্থখন উন্মোচন কৰি দিয়া ভাষণত লেখিকা হাজৰিকাই কয়, "বৰ্তমান নৱ প্ৰজন্মৰ গ্ৰন্থ অধ্যয়নৰ প্ৰতি আগ্ৰহ উদ্বেগজনক ভাবে হ্ৰাস পাইছে।" ইয়াৰ মুল কাৰণ সহজে উপলব্ধ মোবাইল আৰু ইন্টাৰনেট সেৱা বুলি উল্লেখ কৰি হাজৰিকাই কয়, "গ্ৰন্থ অধ্যয়ন অবিহনে এটা জাতি বা  এখন দেশৰ সবিশেষ কেতিয়াও জনা সম্ভৱ নহয়। তেওঁ ছাত্ৰ-ছাত্ৰীক পাঠ্যপুথি অধ্যয়নৰ লগতে আন গ্ৰন্থসমুহো অধ্যয়নৰ এক মানসিতাৰ গঢ়ি তুলিবলৈ আহ্বান জনায়। সভাখনত সু-বক্তা প্ৰণৱ বৰা, সাংবাদিক প্ৰাঞ্জল বৰদলৈ, শিল্পী পুলকানন্দ কৌশিকেও ভাষণ প্ৰদান কৰে।

সভাত বিশিষ্ট লেখক, সাহিত্যিক নগেন গোস্বামী, প্ৰিমিয়াৰ কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষা ভাৰতী ভৰালী, সাংবাদিক ক্ৰমে কনক হাজৰিকা, জীতেন বৰকটকী, নাজিম আহমেদ, অজয় মাহাতু, ৱাহিদুদ জামান আদিকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যাক্তি উপস্থিত থাকে।

Your Comments