অসমবিৰোধীৰ 'চলো পাল্টাই'ৰ তীব্ৰ বিৰোধিতা অসমৰ বাঙালী জাতীয় সংগঠনৰ

bengali

নিউজ ডেস্ক :

'চলো পাল্টাই'ৰ সমৰ্থন নকৰে অসমস্থিত বাঙালী জাতীয় সংগঠনসমূহে।কলকাতাৰ বুদ্ধিজীৱীসকলে অসমত থকা বাঙালী লোকসকলৰ কথা চিন্তা কৰিব নালাগে।অসমত বসবাস কৰা বাংলাভাষী অসমীয়াসকল যথেষ্ট সুখ- শান্তিত বাস কৰি আছে। শনিবাৰে দিছপুৰ প্ৰেছ ক্লাবত 'চলো পাল্টাই'ৰ বিৰুদ্ধে এখন যৌথ সংবাদমেলৰ আয়োজন কৰি এনেদৰে মন্তব্য কৰে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ প্ৰাক্তন সভাপতি সুকুমাৰ বিশ্বাসে। 
       

 সংবাদমেলখনত উপস্থিত থকা সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ বৰ্তমানৰ সভাপতি উৎপল সৰকাৰে কয় যে অসমৰ বাহিৰৰ এচাম অসম বিৰোধী, তথাকথিত বাঙালী বুদ্ধিজীৱীয়ে 'চলো পাল্টাই' মিছনৰ নামত অসমত যি সাম্প্ৰদায়িক বিষবাস্প বিয়পাব বিচাৰিছে অসমস্থিত বাঙালী জাতীয় সংগঠনসমূহে তাৰ তীব্ৰ বিৰোধিতা কৰিছে। 
     

আমাৰ হাড়ে-হিমজুৱে অসমৰ হাৱা-পানী তেজ হৈ প্ৰবাহিত হৈ আছে। এই তেজত বংগীয় ৰং সানিবলৈ অহৰহ চেষ্টা কৰি থকা কলকাতাৰ গৰ্গ মুখাৰ্জী, দিল্লীৰ চন্দন চেটাৰ্জী, অসমৰ শান্তনু মুখাৰ্জীক তেনে কার্যৰ পৰা বিৰত থাকিবলৈও সকীয়নী দিয়ে উৎপল সৰকাৰে। 
     

তেওঁ লগতে কয় যে অসম বিৰোধীসকলে ভবাৰ দৰে অসমৰ বাঙালীসকলে কোনোমতেই তেওঁলোকে পতা 'ভাষা ফান্দ'ত ভৰি নিদিয়ে । অসমৰ বাঙালীসকলে অসমত কোনোমতে সম্প্ৰীতি বিনষ্ট হ'বলৈ নিদিয়ে। 
    

২০২১ চনৰ লোকপিয়লত বিপুল হাৰত মাতৃভাষা অসমীয়া বুলি লিখি আমি আমাৰ অসমপ্ৰীতি আৰু অসমীয়াপ্ৰীতিৰ পৰিচয় আকৌ দাঙি ধৰিম বুলিও সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।

Your Comments