৫ জুলাইত কেন্দ্ৰীয় চৰকাৰৰ বাজেট অধিবেশন

budget

নিউজ ডেস্ক :
অহা ৫ জুলাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন দ্বিতীয় এনডিএ চৰকাৰৰ পূৰ্ণাঙ্গ বাজেট অধিবেশন আৰম্ভ হ’ব। এই কথা আজি কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা জনোৱা হয়। নতুন সপ্তদশ লোকসভাৰ প্ৰথম অধিবেশন অহা ১৭ জুনৰ পৰা ২৬ জুন লৈকে অনুষ্ঠিত হ’ব। উক্ত অধিবেশনতে ১৯ জুনত লোকসভাৰ নতুন অধ্যক্ষ নিৰ্বাচিত কৰা হ’ব। শুক্ৰবাৰে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে সাংবাদিকক এই কথা জানিবলৈ দিয়ে। শুক্ৰবাৰে কেন্দ্ৰীয় কেবিনেটৰ প্ৰথমখন বৈঠকো অনুষ্ঠিত হয়

Your Comments