গামোচাক সন্মান জনাই মোডীয়ে তিনিজন নহলেও দুজনক মন্ত্ৰীত্ব দিব লাগিছিল : তৰুণ গগৈ

tarun

নিউজ ডেস্ক :
ৰাষ্ট্ৰপতিৰ ভৱনৰ প্ৰাঙ্গণত বৰ্ণাঢ্য আয়োজনেৰে বৃহস্পতিবাৰে দ্বিতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপ দায়িত্বভাৰ গ্ৰহণ কৰা নৰেন্দ্ৰ মোডীক আজি শুভেচ্ছা জ্ঞাপন  কৰে অসম প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। সামাজিক মাধ্যমৰ জড়িয়তে শুভেচ্ছা জনায় গগৈয়ে কয় নতুন চৰকাৰখনে অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা,ঔদ্যোগিক নীতি পুনৰ ঘূৰাই দিব বুলি মই আশাবাদী।

আনহাতে মন্ত্ৰীত্ব সন্দৰ্ভত গগৈয়ে উল্লেখ কৰি কয় "গামোচাক সন্মান জনাই মোডীয়ে তিনিজন নহলেও দুজনক মন্ত্ৰীত্ব দিব লাগিছিল"। লগতে তেওঁ কয় মোডীয়ে অসমৰ কথা কৈ যদিও গৌৰৱ কৰে কিন্তু অসমৰ পৰা মন্ত্ৰী দিয়াৰ ক্ষেত্ৰত কৃপনালী কৰে।

ইফালে ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলীয়ে মোডীৰ মন্ত্ৰীসভাত মন্ত্ৰীত্ব লাভ কৰাৰ সন্দৰ্ভত তেওঁ কয় তেলীক যিটো বিভাগ দিয়া হৈছে সেইটো বিভাগত টকা পইচা নাই। তাতে বিভাগটোত ৰাজ্যিক মন্ত্ৰীত্ব লাভ কৰা ৰামেশ্বৰ তেলীয়ে ৰাজ্যত কোনো বিশেষ অৱদান আগবঢ়াব নোৱাৰিব।

Your Comments