কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ দুটা কাৰ্যকালত দুটা অভিলেখ

nirmala

ভাৰতৰ ৰাজনৈতিক ইতিহাসত এটা নতুন যুগৰ সূচনা কৰিলে নৰেন্দ্ৰ মোডীৰ নেতৃত্বধীন এনডিএ চৰকাৰখনে। স্বাধীনতাৰ ৭২বছৰৰ পাছত প্ৰথমবাৰৰ বাবে দেশৰ বিত্তবিভাগৰ সম্পূৰ্ণ দায়িত্ব প্ৰদান কৰা হ'ল মহিলাক । আজি বিত্তমন্ত্ৰীৰ দায়িত্ব লাভ কৰা নিৰ্মলা সীতাৰমণৰ পূৰ্বে ১৯৬৯ চনত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে বিত্তমন্ত্ৰী মোৰাৰ্জি দেশাইৰ পৰা বিত্ত বিভাগ নিজৰ হাতলৈ আনিছিল যদিও তাৰ পৰৱৰ্তী সময়ত  বিত্তমন্ত্ৰী নিয়োগ কৰা হৈছিল।সেই সূত্ৰেই সীতাৰমনেই হ'ল বিত্ত বিভাগৰ আনুষ্ঠানিক দায়িত্ব লাভ কৰা প্ৰথম গৰাকী মহিলা।

 

উল্লেখ্য যে ইয়াৰ পূৰ্বেও নিৰ্মলা সীতাৰমন আছিল মোডী মন্ত্ৰী সভাৰ প্ৰথমটো কাৰ্যকালৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ দায়িত্বত ।সেই সময়তো ভাৰতীয় ৰাজনীতিত  নিৰ্মলা সীতাৰমনেই প্ৰথম মহিলা আছিল যিয়ে প্ৰথমবাৰৰ বাবে প্ৰতিৰক্ষাৰ মন্ত্ৰী হিচাপে দায়িত্ব গুৰু দায়িত্ব পালন কৰিছিল।

Your Comments