সাৱধান ! পদপথৰ অবৈধ ব্যৱসায়ক ধাৰাবাহিক উচ্ছেদৰ ঘোষণা জি এম চিৰ

tapan

নিউজ ডেস্ক :
মহানগৰীৰ পানবজাৰত জিএমচিয়ে আজি দুপৰীয়াৰ ভাগত এক  উচ্ছেদ অভিযান চলায়। পদপথত বে-আইনী ভাৱে গঢ়ি উঠা দোকানৰ বিৰুদ্ধে এই উচ্চেদ অভিযান চলোৱা হয়।। অভিযানত পানবজাৰ অঞ্চলৰ প্ৰায় ৮-১০খন অনুমতিবিহীন দোকান ধ্বংস কৰা বুলি জানিবলৈ দিয়ে জিএমচি কৰ্তৃপক্ষই। আজি উচ্ছেদ কৰা দোকানসমূহৰ ভিতৰত মূলত আছে কেইবাখনো হোটেল আৰু তামোল পাণৰ দোকান। উল্লেখ্য যে জিএমচি কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি উচ্ছেদ কৰা দোকান সমূহ অস্বাস্থ্যকৰ পৰিৱেশত গঢ়ি উঠাৰ লগতে স্থানীয়  ৰাইজে এই দোকান সমূহত ৰাতি হলে মদ,ভাং লগতে  জুৱাৰ আড্ডা বহে বুলি বিভিন্ন সময়ত জিএমচিক অৱগত কৰি আহিছিল। সেইবাবেই আজি জিএমচি কৰ্তৃপক্ষই ততাতৈয়াকৈ স্বাস্থ্য আৰু ভেটেনেৰী বিভাগৰ সহযোগত উচ্ছেদ কৰা বুলি জানিবলৈ দিয়ে।ইয়াৰ উপৰিও আজি উচ্ছেদৰ সময়ত স্থানীয় ৰাইজে সহায় কৰাৰ বুলিও অৱগত কৰে জিএমচিয়ে। আনহাতে উচ্ছেদৰ সময়ত কোনো অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি হ'ব পাৰে বুলি উচ্ছেদৰ স্থলীত জিএমচি কৰ্তৃপক্ষৰ সৈতে উপস্থিত থাকে পানবজাৰ আৰক্ষীয়ো।

গুৰুত্বপূৰ্ণ কথা এই যে জিএমচি কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি বে-আইনীভাৱে গঢ়ি উঠা এই দোকান সমূহক আজি উচ্ছেদ কৰাৰ পূৰ্বে দোকান সমূহ উঠাই নিয়াৰ বাবে বহুবাৰ জাননী দিয়া হৈছিল।কিন্তু কোনো গুৰুত্ব নিদিয়াত জিএমচিয়ে আজি উচ্ছেদ কৰিবলৈ বাধ্য হোৱা বুলি অৱগত কৰে।জি এম চি কৰ্তৃপক্ষই লগতে জানিবলৈ দিয়ে যে সমগ্ৰ মহানগৰীত আগন্তক ১২ তাৰিখলৈকে এনে বে-আইনী ভাবে গঢ়ি উঠা সকলো দোকান বা ব্যৱসায়িক প্ৰতিস্থানৰ বিৰুদ্ধে ধাৰাবাহিকভাবে উচ্ছেদ অভিযান চলি থাকিব ।

Your Comments