কাৰ ভাগত কি দপ্তৰ : আজি নতুন মন্ত্ৰীসভাৰ প্ৰথমখন কেবিনেট বৈঠক 

cabinet

নিউজ ডেস্ক :

 প্ৰধানমন্ত্ৰী হিচাপে দ্বিতীয়বাৰলৈ নৰেন্দ্ৰ মোডীৰ লগতে তেওঁৰ মন্ত্ৰীসভাৰ ৫৭ গৰাকী মন্ত্ৰীয়ে বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ভৱন প্ৰাঙ্গণত শপত গ্ৰহণ কৰাৰ পাছত আজি নতুন দিল্লীত অনুষ্ঠিত হ'ব মোডীৰ নতুন কেবিনেটৰ প্ৰথমখন বৈঠক। আজিৰ এই বৈঠক খনত বৃহস্পতিবাৰে ৰাষ্ট্ৰপতিৰ ওচৰত শপত গ্ৰহণ কৰা ২৫গৰাকী কেবিনেট মন্ত্ৰী, ৯গৰাকীৰ স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী আৰু ২৪গৰাকী কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰীৰ দপ্তৰ সমূহো আজি আনুষ্ঠানিক ভাৱে ঘোষণা কৰিব।ইয়াৰ উপৰিও আজিৰ এই বৈঠক খনতেই  এনডিএ চৰকাৰৰ প্ৰথম ১০০দিনৰ যি কাৰ্যপ্ৰণালী ইতিমধ্যেই প্ৰস্তুত কৰিছে তাৰ ওপৰতো আজিৰ কেবিনেট বৈঠকতে আলোচনা কৰা হ'ব ।

উল্লেখ্য যে ২০১৪ চনৰ তুলনাত এইবাৰ মোডীৰ মন্ত্ৰীসভাত ১২গৰাকী মন্ত্ৰীৰ সংখ্যা বৃদ্ধি হৈছে।পূৰ্বতে এই সংখ্যা ৪৬গৰাকীতে সীমাবদ্ধ আছিল।

Your Comments