আজি আদালতত পুনৰ হাজিৰ কৰাব প্ৰাণময়- জাহ্নৱীক

jahnabi

নিউজ ডেস্ক :
আজি আদালতত পুনৰ হাজিৰ কৰোৱা হ'ব গুৱাহাটীৰ গ্ৰেনেড বিস্ফোৰণত অভিযুক্ত অভিনেত্ৰী জাহ্নৱী শইকীয়া আৰু প্ৰাক্তন আলফা নেতা প্ৰাণময় ৰাজগুৰুক। যোৱা ১৬মে'ত দুয়োগৰাকী অভিযুক্তকে মহানগৰ আৰক্ষীয়ে পাঞ্জাবাৰীৰ এটা ভাড়াঘৰৰ পৰা গ্ৰেপ্তাৰ কৰাৰ পাছত হাজিৰ কৰোৱা হৈছিল কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত। 
আদালতে দুয়োগৰাকী অভিযুক্তকে প্ৰথমে ১০দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছিল। দহ দিনৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ শেষ হোৱাৰ পিছত পুনৰ যোৱা ২৭মে'ত দুয়োগৰাকী অভিযুক্তক হাজিৰ কৰোৱা হৈছিল আদালতত। আদালতে পুনৰ দুয়োগৰাকীৰ অভিযুক্তক ৪দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছিল।সেই ৪দিনৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ আজি উকলিল।সেয়ে আজি পুনৰ দুয়োগৰাকীৰ অভিযুক্তকে আজি হাজিৰ কৰোৱা হ'ব আদালতত।

উল্লেখ্য যে বৃহস্পতি বাৰে দণ্ডাধীশৰ উপস্থিতিত অভিযুক্ত অভিনেত্ৰী জাহ্নৱী শইকীয়া, চিন্ময় লহকৰ, বিজয় অসমক গীতানগৰ আৰক্ষীয়ে জু-ৰোডৰ গুৱাহাটীৰ চেণ্ট্ৰেলৰ বিস্ফোৰণ স্থলীলৈ নি ১৫মে'ৰ দিনা কেনেদৰে গ্ৰেনেডটো বিস্ফোৰণ ঘটাইছিল তাৰ সকলো বিৱৰণ গ্ৰহণ কৰে।ইয়াৰ উপৰিও বিস্ফোৰণৰ সময়ত জাহ্নৱী শইকীয়া নাৰ্ছাৰীৰ কোনখিনি স্থানত ৰৈ আছিল তাৰো সকলো সকলো বিৱৰণ গ্ৰহণ কৰে।

Your Comments

Related Articles