প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা কিয় ফোন আহিছে নৱনিৰ্বাচিত সাংসদসকললৈ?

rb

লোকসভাৰ নিৰ্বাচনত বৃহৎ জয়ৰ পিছত আজি আনুষ্ঠানিকভাৱে প্ৰধানমন্ত্ৰী হিচাপে দ্বিতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিব নৰেন্দ্ৰ মোডীয়ে।


ইফালে,আজি এই শপত গ্ৰহণ অনুষ্ঠানতে মোডীৰ কেবিনেটৰ মন্ত্ৰীসকলেও শপত গ্ৰহণ কৰিব।কিন্তু বৰ্তমান সময়লৈকে মন্ত্ৰীসভাত কোনে কোনে স্থান পাব,তাৰ আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই।তাৰ মাজতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থকাৰ লগতে আবেলি ৪.৩০ বজাত প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ বাবে বহুকেইজন সাংসদক নিৰ্দেশ দিয়া হৈছে।


বৰ্তমান সময়লৈকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা ফোন অহা সাংসদসকল হৈছে ৰাজনাথ সিং,অৰ্জুন ৰাম মেঘৱাল,জিতেন্দ্ৰ সিং, ৰামদাস আঠাৱালে, জি কিষণ ৰেড্ডী,ৰামবিলাস পাছোৱান, সুৰেশ অনগৰী,পীয়ুষ গোৱেল,মুখতাৰ আব্বাছ নকভী, প্ৰহল্লাদ যোশী,ৰাজনাথ সিং,নিৰ্মলা সীতাৰমণ,সদানন্দ গৌড়া,বাবুল সুপ্ৰিয়,ৰবিশংকৰ প্ৰসাদ,প্ৰকাশ জাভেদকাৰ, নীতিন গাডকাৰী,স্মৃতি ইৰাণী,কৈলাশ চৌধুৰী,কৃষাণ পাল গুজ্জৰ,থাৱৰ চান্দ গেহলট,হৰছিমৰাট কৌৰ বাদললৈ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা কিছুসময় পূৰ্বে আনুষ্ঠানিকভাৱে নিমন্ত্ৰণ জনোৱা হৈছে।

Your Comments