কটন বিশ্ববিদ্যালয়ৰ পৰা কৰ্তন কৰা নহয় 'বিচিএ' বিভাগ

cotton

কটন বিশ্ববিদ্যালয়ৰ পৰা 'বিচিএ' বিভাগ কৰ্তন কৰা- নকৰা সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত কৰা হয়।আলোচনাৰ অন্তত কৰ্তৃপক্ষই নিশ্চিত কৰিলে যে বিশ্ববিদ্যালয়খনৰ পৰা কৰ্তন কৰা নহয় বিচিএ বিভাগ।উল্লেখ্য যে কিছুদিন পূৰ্বে এখন জাননীৰ জৰিয়তে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই  ঘোষণা কৰিছিল এই বর্ষৰ পৰা বিশ্ববিদ্যালয়খনত বিচিএ বিভাগ নাথাকিব বুলি।তাৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলে বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষৰ এনে সিদ্ধান্তক ধিক্কাৰ জনাইছিল।ইয়াৰ উপৰিও আজি বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে বিচিএ বিভাগ কৰ্তন কৰাৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা আছিল।তাৰ মাজতে বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষই পুনৰ ঘোষণা  কৰিছে বিচিএ বিভাগটো কৰ্তন কৰা নহয় বুলি।লগতে উল্লেখ কৰিছে যে ২০১৯বর্ষৰ বিচিএৰ নামভৰ্তি জাননী আজি আবেলি প্ৰকাশ কৰিব।  পূৰ্বৰ সমানেই আসন বাহাল থাকিব বিভাগটোত।ইফালে বিচিএত নামভৰ্তি কৰিব বিচৰা ছাত্ৰ-ছাত্ৰীসকলে ২ জুন পর্যন্ত অনলাইন আবেদন কৰিব পাৰিব বুলি জানিবলৈ দিছে।


আনহাতে,এইবাৰ কটন বিশ্ববিদ্যালয়ত স্নাতক শাখাৰ কেইবাটাও বিভাগত পূৰ্বতকৈ আসনৰ সংখ্যা কিছু বৃদ্ধি কৰা হৈছে বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে।সেই অনুসৰি ইতিহাস,তৰ্কশাস্ত্ৰ আৰু দর্শন বিভাগত বৃদ্ধি কৰা হৈছে আসনৰ সংখ্যা।উল্লেখ্য যে বিশ্ববিদ্যালয়খনত ২০১৯ বর্ষৰ স্নাতকৰ নামভৰ্তি অহা ১২ জুনৰ পৰা ১৪ জুনলৈকে হ'ব বুলি জানিবলৈ দিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

Your Comments